যতীন নাথ

মাজবাট 

২৭ নৱেম্বৰ

৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত পাঁচ শতাধিক বিপিএফ কৰ্মী বিজেপি দলত যোগদান। বিশ্বজীৎ দৈমাৰীৰ পাঁচ শতাধিক সমৰ্থকে যোগদান কৰিলে বিজেপিত।

বিটিচিৰ অন্তৰ্গত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত শুকুৰবাৰে সদ্য পদত্যাগী বিপিএফ দলৰ কাৰ্যকৰী সভাপতি বিশ্বজীৎ দৈমাৰীৰ পাঁচ শতাধিক সমৰ্থকে বিজেপি দলত যোগদান কৰে। মাজবাট বাপুজী প্ৰকল্প প্ৰাংগণত অনুষ্ঠিত হোৱা যোগদান সভাত সভাপতিত্ব কৰে ওদালগুৰি জিলা বিজেপি দলৰ উপ-সভাপতি তপন সৰকাৰে আৰু সভাৰ আঁত ধৰে পাঁচনৈ চেৰফাং মণ্ডল বিজেপিৰ সম্পাদক জীৱন ডেকাই। যোগদান সভাত উপস্থিত থাকি পাঁচনৈ চেৰফাং সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দীপক মৌৰে উপস্থিত ৰাইজৰ পৰা আশীৰ্বাদ বিচৰাৰ লগতে বিজেপি চৰকাৰে দুখীয়া ৰাইজৰ প্ৰতি গ্ৰহণ কৰা আঁচনি সমূহৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে। সভাত সংযুক্ত বড়ো গণ মৰ্চাৰ সম্পাদক অনিল বসুমতাৰী, সুখেশ্বৰ গৈয়াৰী আৰু থাওচেৰাং বড়ো উপস্থিত থাকে।

উল্লেখ্য যে কিছুদিন পূৰ্বে বিপিএফ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছিল বিশ্বজিৎ দৈমাৰীয়ে। বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিশ্বজিৎ দৈমাৰীয়ে বিজেপি দলত যোগদান কৰাৰ পিছতে বিপিএফ দলত থকা বিশ্বজিৎ দৈমাৰীৰ সমৰ্থক সকল বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈছে।