ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২২ নৱেম্বৰ: বৃহস্পতিবাৰে আৰ. ডি. জুনিয়ৰ কলেজৰ সভাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে সমাজহিতৈষী সন্তোষ কুমাৰ তপ্ন স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত ‘আটছা’ ডিগবৈ শাখাৰ সহযোগত আৰু আৰ. ডি. এডুকেশ্বনেল এণ্ড স্পৰ্টছ ফাউণ্ডেশ্বনৰ অতিথ্যত সন্তোষ কুমাৰ তপ্ন স্মাৰক বক্তৃতানুষ্ঠান আয়োজন অনুষ্ঠিত হয়। প্ৰায় সত্তৰ লাখ জনসমষ্টিৰে গঠিত চাহ জনগোষ্ঠী সমাজৰ আজিও শৈক্ষিক তথা বৌধিক দিশত পিছ পৰি আছে। এই নিৰাশজনক পৰিদৃশ্যৰ মাজতো বহুজনে জনগোষ্ঠীটোৰ উন্নতিৰ হকে নিজৰ জীৱন উৎসৰ্গিত কৰি আহিছে আৰু তেওঁলোকৰ মহান নিস্বাৰ্থ আৰু নিৰলস প্ৰচেষ্টাৰ বলত জনগোষ্টীটোৱে প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ কিছু পৰিমানে সক্ষম হৈছে।সেইসকলৰ ভিতৰত ‘আটছা’ ৰ প্ৰতিষ্ঠাপক সন্তোষ কুমাৰ তপ্ন এগৰাকি সু- সংগঠক, সুলেখক সন্তোষ কুমাৰ তপ্নই জনগোষ্ঠীটোৰ শিক্ষিত যুৱচামক সংগঠিত কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছিল তেখেতৰ মহান কৰ্ম, আদৰ্শক নবপ্ৰজন্মৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্যৰে ২০০৫ চনত জন্ম লাভ কৰা সমাজ হিতেষী সন্তোষ কুমাৰ তপ্ন স্মৃতিৰক্ষা সমিতিয়ে প্ৰতিবছৰে স্মাৰক বক্তৃতাৰ আয়োজন কৰি চাহজনগোষ্ঠীৰ জীৱনলৈ বিভিন্ন দিশত অবদান আগবঢ়াই অহা পৰিয়ালৰ লোক সকলক সম্বৰ্ধনা জনোৱাৰ দৰে এইবাৰো এই অনুষ্ঠানত চাহ জনগোষ্ঠীয় সমাজ জীৱনলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা লেখক, গবেষক, সমাজকৰ্মী-তথা অবসৰ প্ৰাপ্ত-শিক্ষক ব্ৰজেন বৰুৱাক বিশেষভাবে সম্বৰ্ধনা জনায়।