ডিফু

২৪ ছেপ্তেম্বৰ

কভিড আক্ৰান্তহৈ ডিফু বজাৰৰ শ্ৰীশ্ৰী শণি মন্দিৰৰ পুৰোহিতৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ ডিফু চহৰত শোকৰ ছাঁ পেলাইছে৷ কভিড আক্রান্তহৈ মৃত্যু হোৱাৰ বাবেই শণি মন্দিৰৰ পুৰোহিতৰ সৎকাৰ কাৰ্যত স্থানীয় বাসিন্দা তীব্ৰ বিৰোধিতা।

ডিফু বজাৰৰ শ্ৰীশ্ৰী শণি মন্দিৰৰ পুৰোহিত সপন চক্ৰৱৰ্তী বিগত কিছুদিন ধৰি শ্বাস-প্ৰস্বাস, মধুমেহ আৰু উচ্চ ৰক্ত চাঁপত ভুগি থকাৰ বাবে দুদিনমান পূৰ্বে শণি মন্দিৰৰ পুৰোহিত গৰাকীক ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল৷ চিকিৎসালয়ত এণ্টিজেন টেষ্ট কৰাত শণি মন্দিৰৰ পুৰোহিত সপন চক্ৰৱৰ্তীৰ ফলাফল কভিড পজিটিভ ওলোৱাত তেওঁক ডিফুৰ কভিড হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও মঙলবাৰে নিশা ৭ বজাত সপন চক্ৰৱৰ্তীৰ দেহাৱসান ঘটে৷

বুধবাৰে মৃত সপন চক্ৰৱৰ্তীৰ শৱদেহ ডিফু ৰাজহুৱা শ্মশানঘাটলৈ সৎকাৰৰ বাবে নিয়াৰ পিছত শ্মশানঘাটৰ নিকটৱৰ্তী বসবাস কৰা লোক সকলে কভিড মৃতদেহ সৎকাৰত তীব্ৰ বিৰোধিতা কৰাত মৃতদেহ সৎকাৰৰ বাবে অহা লোক আৰু স্থানীয়লোকৰ মাজত তীব্ৰ তৰ্ক বিবাদ হয়৷ দুয়ো পক্ষৰ মাজত হোৱা তৰ্কবাদে তীব্ৰ ৰূপ ধাৰণ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ ঘটনাৰ সম্ভেদ লাভ কৰি ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতি আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বত এদল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতহে সৎকাৰ কাৰ্য সম্পন্ন কৰা হয়৷

মৃত সপন চক্ৰৱৰ্তীৰ মৃতদেহলৈ স্বাস্থ্য বিভাগৰ লোকে শ্মশানঘাটলৈ আনি মৃতকৰ পৰিয়ালৰ চাৰিজন লোকক পিপিই কীট প্ৰদান কৰি আঁতৰি যায়৷ পিছত স্বাস্থ্য বিভাগৰ লোকৰ অবিহনে মৃতকৰ পৰিয়ালৰ লোকে পিপিই কীট পৰিধান কৰি মৃতদেহ সৎকাৰ কাৰ্য সম্পন্ন কৰে৷