আনিছুৰ আলী

গৌৰিপুৰ

২৪ ছেপ্টেম্বৰ

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাত মুখ্যমুন্ত্ৰীৰ দূৰ্নীতি নিৱাৰন আৰু তদন্তকাৰী শাখাৰ অভিযান৷ গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰ আৰু গৌৰীপুৰ চহৰৰ দায়িত্বত থকা আবুল কালাম আজাদক গ্ৰেপ্তাৰ।

মুখ্যমন্ত্ৰীৰ দূৰ্নীতি নিৱাৰন আৰু তদন্ত শাখৰ বিষয়া-কৰ্মচাৰীয়ে বহু সময় ধৰি সোধ-পোছ চলোৱাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰে। এটা গোচৰ মিমাংসা কৰাৰ নামত আচামীৰ পৰা এক লাখ টকা উৎকোচ লোৱাৰ অপৰাধত মুখ্যমন্ত্ৰীৰ দূৰ্নীতি নিৱাৰন আৰু তদন্ত শাখই গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰ আৰু গৌৰীপুৰ চহৰৰ দায়িত্বত থকা আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰে। দুয়ো গৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে বহু দিনৰ পৰা দূৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আছিল৷

বুধবাৰে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ধুবুৰীৰ নৱ-নিযুক্ত আৰক্ষী অধীক্ষকে দূৰ্নীতি নিৱাৰন শাখাক অবগত কৰাত গুৱাহাটীৰ পৰা ধুবুৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ দূৰ্নীতি নিৱাৰন আৰু তদন্ত শাখৰ বিষয়া-কৰ্মচাৰীৰ দ’লটোৱে দুয়ো গৰাকী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰে। সোধ- পোছত বহুতো বিষ্ফোৰক তথ্য ফাদিল হোৱা বুলিও জানিব পৰা গৈছে।