ছয়গাঁও

৯ আগষ্ট

ছয়গাঁৱত মহকুমা স্বাস্থ্য বিষয়াৰ ভুলৰ বাবে গণ সংক্ৰমণৰ আশংকা। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসৰ ভুলৰ বাবে ছয়গাঁও অঞ্চলত কভিড-১৯ গণসংক্ৰমণ হোৱাৰ তীব্ৰ আশংকা কৰা হৈছে৷ বৃহত্তৰ ছয়গাঁও অঞ্চলত আন আন সাধাৰণ লোকৰ লগতে প্ৰসুতি আৰু কণ কণ শিশুৱেই নহয় সদ্যজাত শিশুও কভিড-১৯ত আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে৷

ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত এজৰাকী নাৰ্ছৰ কভিড-১৯ টেষ্টৰ ফলাফল পজিটিভ অহাৰ পিচতেই চিকিৎসালয়খনত হাহাকাৰৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে চিকিৎসালয়খনত কৰ্মৰত এগৰাকী নাৰ্ছ যোৱা ৪ আগষ্টত কভিড-১৯ টেষ্টৰ বাবে স্বাৱ দিছিল আৰু উক্তদিনাই ৰেপিড টেষ্টত ফলাফল নিগেটিভ আহিছিল যদিও দ্বিতীয়টো অৰ্থাৎ আৰ্টিপিচিয়াৰ টেষ্টৰ ফলাফল অহালৈকে সাত দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল৷ সেই মৰ্মে নাৰ্ছ গৰাকীয়ে উক্তদিনাৰ পৰা হোম কোৱাৰাণ্টাইনত থাকিবলৈ লয় যদিও পিচদিনা অৰ্থাৎ ৫ আগষ্টৰ দিনা মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসে নাৰ্ছ গৰাকীক হাস্পতালত ডিউটি কৰাৰ বাবে ফোন যোগে মাতে৷ নাৰ্ছ গৰাকীয়ে স্বাস্থ্য বিভাগৰ নিয়ম মতে স্বাৱ টেষ্টৰ দ্বিতীয়টো পৰীক্ষাৰ ফলাফল নহালৈকে হোম কোৱাৰেণ্টাইনত থকাৰ বাবে হাস্পতালতলৈ যাব নোৱাৰো বুলি কোৱাৰ পিচতো মহকুমা স্বাস্থ্য বিষয়া গৰাকীয়ে নাৰ্ছ গৰাকীক ডিউটিলৈ আহিবই লাগিব বুলি কয়৷ পিছত নাৰ্ছ গৰাকীয়ে ৬ আগষ্টৰ পৰা হাস্পাতালত ডিউটি কৰি থকাৰ অন্তত দেওবাৰে নাৰ্ছ গৰাকীৰ দ্বিতীয়তো টেষ্টৰ ফলাফল পজিটিভ বুলি খবৰ আহে৷ আনকি দেওবাৰেও নাৰ্ছ গৰাকী হাস্পাতালত কৰ্মৰত আছিল আৰু বহু ৰোগীৰ সংস্পৰ্শলৈ আহিছিল৷ আনহাতে একেখন হাস্পাতালৰ বি পি এমে নাৰ্ছ গৰাকীক সাত দিনৰ বাবে সাৱধানেৰে হোম কোৱাৰেণ্টাইনত থাকিবলৈ কোৱাৰ বিপৰীতে মহকুমা স্বাস্থ্য বিষয়াই কভিড টেষ্টৰ দ্বিতীয়টো ফলাফল নাহোতেই ডিউটি কৰিবলৈ দিয়াতো যে এটা মাৰাত্মক ভুল আছিল সেয়া এতিয়া প্ৰমাণিত হ’ল৷ আজি নাৰ্ছ গৰাকীয়ে নিজ মুখে সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে তেওঁ বিগত দিনকেইটাত বহু ৰোগীৰ সংস্পৰ্শলৈ অহা লগতে বহু প্ৰসুতি আৰু শিশুকো বেজী দিছিল৷ আনকি দেওবাৰে পজিটিভ ৰিজাল্টৰ বিষয়ে অৱগত হোৱাৰ সময়ত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সৈতেও ডিউটি কৰি আছিল৷ নাৰ্ছ গৰাকীয়ে বিগত দিন কেইটাত দুৰ্ঘটনাত পতিত লোকৰ লগতে যি সকল প্ৰসূতি আৰু শিশুক চিকিৎসা আগবঢ়াইছে তেওঁলোকৰ এতিয়া কি হ’ব পাৰে বুলি শংকা ব্যক্ত কৰে৷ এতিয়া কথা হ’ল এগৰাকী দায়িত্বশীল চিকিৎসক তথা মহকুমা স্বাস্থ্য বিষয়াৰ ভুলৰ বাবে যদি গণসংক্ৰমণ হয় তেতিয়া ইয়াৰ বাবে প্ৰকৃততে দায়ী হ’ব কোন ? কিয় স্বাৱ টেষ্টৰ দ্বিতীয়টো ফলাফল নহাতেই নাৰ্ছ গৰাকীক জোৰকৈ মাতি ডিউটি কৰিব দিবলগীয়া হ’ল তাৰ উত্তৰ মহকুমা স্বাস্থ্য বিষয়াৰ হাতত আছেনে ?

ইফালে এই গৰাকী নাৰ্ছৰ যোৱা জুলাই মাহত মিৰ্জাৰ পতঞ্জলি কভিড হাস্পাতালত ডিউটি কৰি থকাৰ সময়তো কভিড পজিটিভ ওলাইছিল৷ এতিয়া ছয়গাঁৱত ডিউটি কৰাৰ পিছত তেওঁৰ পুনৰ কভিড পজিটিভ ওলাল৷ অৰ্থাৎ এবাৰ সুস্থ হোৱা কভিড ৰোগী পুনৰ কভিডত আক্ৰান্ত হ’ল৷ এতিয়া কথা বিগত দিন কেইটাত নাৰ্ছ গৰাকীয়ে চিকিৎসা সেৱা আগবঢ়োৱা ৰোগী সকলৰ এতিয়া কি হ’ব ? গোটেই হাস্পাতালখনৰ প্ৰায় সংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সৈতে একেলগে কাম কৰাৰ লগতে তেওঁলোকৰ সংস্পৰ্শলৈ অহা ৰোগী সকলৰ এতিয়া কি হ’ব সেয়া এক ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে ৷