প্ৰশান্ত সাহা
তিনিচুকীয়া
৯ আগষ্ট

তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা। ২৪ ঘন্টাৰ ভিতৰত তিনিচুকীয়াৰ সাংবাদিক হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত মূল অভিযুক্তক আটক কৰিলে তিনিচুকীয়া আৰক্ষীয়ে৷

তিনিচুকীয়া জিলাৰ ফিল’বাৰী পুৰণা বজাৰৰ আছলতি বাগ নামৰ এগৰাকী মহিলাই হত্যা কৰিছিল সাংবাদিক বিজন দ্বীপ তাঁতিক৷ তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত চলা তাৎক্ষণিক তদন্তই সাংবাদিক বিজন দ্বীপ তাঁতীক হত্যা কৰা মূল অপৰাধীক আটক কৰিবলৈ সক্ষম হয়৷ শনিবাৰে ন-পুখুৰীৰ কাৰ্যালয়ত মৃত সাংবাদিক গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতেই আৰক্ষীয়ে বিশেষ ক্লু লাভ কৰি দেওবাৰে সন্ধিয়াই ফিল’বাৰীৰ পৰা আছলতী বাগ নামৰ মহিলা গৰাকীৰ লগতে মহিলা গৰাকীৰ ভগ্নী নিতু বাগক আটক কৰি মাৰথান জেৰা চলোৱাত হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা অপৰাধী আছলতী বাগে আৰক্ষীৰ আগত স্বীকাৰ কৰে। ৬ আগষ্টত সাংবাদিক গৰাকীৰ কাৰ্যালয়লৈ আহি নিশা ১১ বজাত এডাল কেবেলেৰে ডিঙিত মেৰিয়াই বিজন দ্বীপক তাঁতীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগতে আছিল আছলতী বাগ৷ হত্যাকাণ্ড সংঘটিত কৰি ৭ আগষ্টৰ পুৱাই কাৰ্যালয়ৰ পৰা ফিল’বাৰীলৈ গুছি গৈছিল আছলতী বাগ৷ ইতিমধ্যে জেৰাৰ অন্তত আছলতী বাগক পাঁচ দিনৰ বাবে আৰক্ষীয়ে ন্যায়িক জীন্মাত লৈ ভগ্নি নিতু বাগক যাবলৈ দিয়ে।আছলতী বাগে কিয় বিজন দ্বীপক হত্যা কৰিলে সেয়া তদন্তৰ ক্ষাতিৰত সাংবাদিকক জনোৱাৰ পৰা বিৰত থাকে আৰক্ষী৷

হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা শেষ হোৱা দিশে গতি কৰা বুলি দেওবাৰে তিনিচুকীয়া সদৰ থানাত এক সংবাদমেল সম্বোধন কৰি স্পষ্ট কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিয়ে৷ আনহাতে তিনিচুকীয়া আৰক্ষীৰ এই তাৎক্ষণিক তদন্তই মূল অপৰাধীক আটক কৰা ঘটনাক সকলোৱে শলাগ লৈছে৷