গুৱাহাটী

২৪ এপ্ৰিল

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শনিবাৰে সাম্প্রতিক কভিড অতিমাৰীয়ে সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টীৰ কর্মকর্তাসকলৰ লগত ভিডিঅ’ কনফাৰেন্স যােগে বার্তালাপ কৰে। বার্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বৰ্ষৰ ভয়াৱহতাৰ পিছত সমগ্র দেশে কভিড অতিমাৰীৰ দ্বিতীয়টো জোৱাৰৰ মুখামুখী হ’বলগা হৈছে। ঠাই বিশেষ এই অতিমাৰীয়ে পূৰ্বতকৈও অধিক আগ্রাসী ৰূপ ধাৰণ কৰিছে। আমাৰ ৰাজ্যখনাে ইয়াৰ পৰা সাৰি যােৱা নাই। ৰাজ্যবাসীক এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবে আমি পূর্বতকৈ অধিক সতর্কতাৰে আৰু দায়বদ্ধতাৰে আগবাঢ়িব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ সৰ্বৰৰ ৰাইজৰ লগতে বিজেপি দলৰ কর্মকর্তাসকল তথা চৰকাৰৰ যৌথ প্রচেষ্টাত বিগত বৰ্ষত আমি সফলতাৰে কভিড প্রতিহত কৰিবলৈ সক্ষম হৈছিলাে আৰু এই ক্ষেত্ৰত দেশৰ ভিতৰতে অন্যতম সফল ৰাজ্য হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছিলাে। তেওঁ কয় যে বিজেপি দলৰ কর্মকর্তাসকলে প্লাজমা দান, দুখীয়া জনসাধাৰণক সহায় আগবঢ়াই ৰাষ্টসেৱাৰ উদাহৰণ দেখুৱাইছিল। এই বেলিও তেনে মানসিকতাৰে কৰনাৰ বিৰুদ্ধে যুঁজ দিব লাগিব। ৰাষ্ট্ৰৰ কথা চিন্তা কৰি বিজেপি দলৰ কর্মকর্তাসকলে কাম কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সংক্রমণ প্রতিৰােধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পি বা কভিড প্র’টকল মানি চলাৰ বাবে ৰাইজক উৎসাহিত কৰিব লাগিব। বিজেপি দলৰ কর্মকর্তাসকলে এই প্ৰ’টকল মানি চলি নিদর্শন দাঙি ধৰাৰ লগতে চৰকাৰলৈ সহযােগিতা আগবঢ়াব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সজাগতাই এই ৰােগৰ মূল ৰক্ষা কবচ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাইজ সজাগ আৰু সতর্ক হৈ থাকিলে এই মহামাৰীয়ে কেতিয়াও ভয়াৱহ ৰূপ পৰিগ্ৰহণ কৰিব নােৱাৰে। আমি প্রত্যাহ্বান গ্ৰহণ কৰিব লাগিব। জনসাধাৰণে যাতে কোনােপধ্যে শংকিত হ’ব নােৱাৰে সেই দিশতো চকু ৰাখিব লাগিব বুলি তেওঁ কয়। সেই কথা বিজেপি কর্মকর্তাসকলে ৰাইজক বুজাব লাগিব। চৰকাৰৰ নিয়ম মানি প্ৰতিগৰাকী নাগৰিকেই যাতে ভেকচিন গ্রহণৰ লগতে স্বাস্থ্যসন্মত বিধি-বিধান মানি চলে তাৰ বাবে তৃণমুল পর্যায়ত জনসচেতনতা গঢ়ি তােলাৰ দিশত বিজেপি কর্মকর্তাসকলে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। বিজেপি বিশ্বৰ বৃহত্তম ৰাজনৈতিক দল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে কভিডৰ বিৰুদ্ধে শক্তিশালী যুঁজ আগবঢ়াই আহিছে। ভাৰতীয় জনতা পাৰ্টীৰ কর্মকর্তাসকল অতিশয় নিষ্ঠাবান বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সাম্প্রতিক জটিল সময়ত জনসাধাৰণৰ সহযােগত এই সংকট অতিক্রম কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। জনসাধাৰণে যাতে কেতিয়াও অত্যাৱশ্যকীয় সামগ্রীৰ নাটনিৰ সন্মুখীন হ’বলগা নহয়, সেই কথালৈ দৃষ্টি ৰাখিব লাগিব।

প্রশাসনৰ লগত সহযােগ ৰক্ষা কৰি এই ক্ষেত্ৰত ৰাইজক সকাহ দিব লাগিব। ক’ৰবাত কিবা বেমেজালি দৃষ্টিগােচৰ হ’লে তাৎক্ষণিকভাৱে প্রশাসনৰ দৃষ্টিগােচৰ কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বৰ্ষৰ অভিজ্ঞতাই এইবাৰ আমাক সহায় কৰিব। চৰকাৰ, জনসাধাৰণ আৰু আমাৰ সকলােৰে ঐক্যবদ্ধ প্রয়াসে এইবাৰাে এই অতিমাৰীৰ বিৰুদ্ধে সফলতাৰে যুঁজ দি ইয়াক প্রতিহত কৰাটো সম্ভৱ কৰি তুলিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।।এই ভিডিঅ’ কনফাৰেন্সংযােগে মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক বিজেপি কর্মকর্তা, ৰাজ্যিক মৰ্চাৰ সভাপতি, জিলা সভাপতি আৰু সাধাৰণ সম্পাদক, মণ্ডল বিজেপিৰ সভাপতি আৰু সাধাৰণ সম্পাদক তথা অন্যান্য কর্মকর্তাসকলক সম্বােধন কৰে।