ৰঙিয়া, ২৬ এপ্ৰিলঃ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল হৈ পৰে কমলপুৰ-ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়। অংগনৱাড়ী কৰ্মী-সহায়িকাই দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণকে আদি কৰি বিভিন্ন দাবীত কমলপুৰ-ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়াৰ মহকুমাধিপতিয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰি কাৰ্যালয়ৰ তলা খুলিবলৈ চেষ্টা কৰে৷ কিন্তু প্ৰতিবাদকাৰীসকলে  তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণত চৰকাৰৰ ৰ্নিৰৱ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি মহকুমাধিপতি সহ চক্ৰ বিষয়াক কাৰ্যালয়ৰ তলা খোলাত বাধা দিয়ে৷ পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণহীন হৈ পৰাত প্ৰতিবাদস্থলীত আৰক্ষী-অৰ্ধ সামৰিক বাহিনীক মোতায়েন কৰা হয়৷ আৰক্ষী-অৰ্ধ সামৰিক বাহিনীয়েও পৰিস্থিতি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱাত মহকুমাধিপতিৰ নিৰ্দেশত  প্ৰায় ৭০০ প্ৰতিবাদকাৰী মহিলাক আৰক্ষীয়ে আটক কৰে৷ প্ৰতিবাদকাৰীসকলে চৰকাৰক শীঘ্ৰে দাবীসমূহ পূৰণ নকৰিলে আগন্তুক নিৰ্বাচনত যোগ্য প্ৰতুত্যৰ দিয়াৰ হুংকাৰ দিয়ে৷