গুৱাহাটী, ২৬ এপ্ৰিলঃ আপুনি কি কি পাণ খাইছে? মিঠা পাণ, জৰ্দা পাণ, বানাৰাচী পাণৰ নাম আপুনি জানে৷ কিন্তু ফায়াৰ পাণৰ বিষয় আপুনি জানে নে? হয় ফায়াৰ পাণ অৰ্থাৎ জুই পাণ৷ মুখত দিয়াৰ লগে লগে জ্বলি উঠা পাণ।  দেশৰ বিভিন্ন ৰাজ্যত এই ফায়াৰ পান পোৱা যায়। দিল্লীকে ধৰি উত্তৰ ভাৰতত এতিয়া ফায়াৰ পাণ হৈ পৰিছে পাণ খোৱা লোকৰ প্রিয়। আপুনিও পাণ খায় নেকি আৰু ফায়াৰ পাণৰ সোৱাদ ল’ব বিছাৰে নেকি? ফায়াৰ পাণ খাবলৈ আপুনি দিল্লী বা অন্য ঠাইলৈ যোৱাৰ প্ৰয়োজন নাই, আপুনি এতিয়া গুৱাহাটীতে পাব ফায়াৰ পাণ। গুৱাহাটীৰ আমবাৰীত এখন পাণৰ দোকানত পোৱা যায় ফায়াৰ পাণ। মুখত এই জ্বলন্ত পাণটো দিয়াৰ লগে লগে আপুনি অনুভৱ কৰিব পাণটোৰ সোৱাদ। গুৱাহাটীৰ আমবাৰীত থকা মা-কামাখ্যা পান-ভাণ্ডাৰ নামৰ দোকান খনত আপুনি পাব ফায়াৰ পাণ। এই পান-দোকানখনত ফায়াৰ পাণৰ লগত আপুনি পাব ফ্ৰীজত ভৰাই থোৱা ঠাণ্ডা ঠাণ্ডা চকলেট পাণ। ফায়াৰ পাণ, চকলেট পাণৰ লগত বিভিন্ন ধৰণৰ পাণৰ খোৱাদ ল’বলৈ এতিয়া মা কামাখ্যা পাণ ভাণ্ডাৰত মানুহৰ ভিৰ। কোনোবাই খাইছে ফায়াৰ পাণ, কোনোবাই মজা লৈছে চলকেট পাণৰ। আপুনিও যদি মজা ল’ব বিচাৰে পাণৰ, তেন্তে আহক মা কামাখ্যা পাণ ভাণ্ডাৰলৈ৷