পিংকু বৰা যোৰহাট, ২৬ এপ্ৰিলঃ পৰিবৰ্তনৰ কথা কৈ শাসনলৈ অহা বিজেপি চৰকাৰখনে স্বাস্থ্য বিভাগত বহু পৰিৱৰ্তন আনিছে। অসমবাসীয়ে এই পৰিৱৰ্তন দেখা নাপালেও যোৰহাটবাসীয়ে কিন্তু দেখি আছে। পৰিৱৰ্তন দেখি যোৰহাটবাসীৰ চকু কপালত। যোৰহাটত স্বাস্থ্য বিভাগে আনিছে ১০৮তকৈও উন্নতমানৰ এম্বুলেন্স সেৱা৷ এই এম্বুলেন্স দেখি ৰাইজ আচৰিত। সঘনাই দুর্ঘটনা সংঘটিত হৈ থকা যোৰহাট নগৰীত দুৰ্ঘটনাত আহত লোকক চিকিৎসালয় নিয়াৰ বাবে অনা হৈছে এই এম্বুলেন্স সেৱা। দুৰ্ঘটনাৰ পিছত বাৰম্বাৰ ফোন কৰাৰ পিছতো ১০৮ সেৱা ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰাত যোৰহাটত এই নতুন সেৱা আৰম্ভ হৈছে। কিছুদিন ধৰি যোৰহাটত পথ দুর্ঘটনা বৃদ্ধি পাইছে আৰু দুর্ঘটনাত আহত লোকক চিকিৎসালয়ত নিয়াৰ বাবে ১০৮ এম্বুলেন্সক বাৰম্বাৰ ফোন কৰাৰ পিছতো ঘটনাস্থলীত উপস্থিত নোহোৱাত আৰক্ষীৰ গাড়ীতে আহত লোকক চিকিৎসালয়ত নিব লগা হৈছে। ১০৮ এম্বুলেন্স সময়ত আহি নোপোৱাত বহু লোক উপযুক্ত  চিকিৎসাৰ  নাপাই ঘটনাস্থলীতে মৃত্যুৰ মুখত পৰিছে। কেইবাদিনো ধৰি যোৰহাটত দুর্ঘটনাত আহত লোকক আৰক্ষীয়ে গাড়ীত চিকিৎসালয়ত লৈ যোৱাত যোৰহাটবাসীৰ মাজত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ১০৮ এম্বুলেন্স সেৱাৰ নিৰ্লজ কাণ্ডত ক্ষোভিত হৈ পৰিছে ৰাইজ। যোৰহাট জিলাৰ যান-বাহন শাখাৰ আৰক্ষী বিষয়া উৎপল দত্তই আৰক্ষীৰ গাড়ীৰে দুর্ঘটনাত আহত লোকক চিকিৎসালয়ত নিয়াৰ বাবে যোৰহাটবাসীয়ে আৰক্ষী বিষয়া জনাৰ শলাগ লৈছে। এতিয়া প্ৰশ্ন হৈছে আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বাবে বিহিত ব্যৱস্থা ল’ব নে?