কলগাছিয়া, ৩০ আগষ্টঃ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ সৌজন্যত আৰু অসম বিজ্ঞান সমিতিৰ কলগাছিয়া শাখা আৰু হেল্পলাইন ফাউণ্ডেচনৰ যৌথ উদ্যোগত বৰপেটাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত লাচাঙ্গা জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক আবু ছায়েদ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত উদ্দেশ্য ব্যাখ্যা কৰে অৱসৰ প্ৰাপ্ত অধ্যাপক আব্দুল খালেক চৌধুৰীয়ে। সভাত নৱজ্যোতি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক হানিফ মোস্তাক আহমেদ আৰু বিশিষ্ট সাহিত্যিক এম আকবৰ হুছেইনে সাম্প্ৰতিক সময়ত দেশ তথা সমাজত গা কৰি উঠা অন্ধবিশ্বাস, কু-সংস্কাৰ, ডাইনী হত্যাৰ বিৰুদ্ধে আৰু নাৰী সজাগতা সম্পৰ্কে বক্তব্য আগবঢ়ায়। আনহাতে অধ্যাপক আব্দুল খালেক চৌধুৰীয়ে ভণ্ড কবিৰাজ আৰু জৰা ফুকা, অন্ধবিশ্বাস সম্পৰ্কে বক্তব্য দিয়ে। সজাগতা সভাখনত হেল্পলাইন ফাউণ্ডেচনৰ সভাপতি শ্বাফিউল হাছান, সাংবাদিক জাহিদুল ইছলাম, যুৱ সমাজকৰ্মী জয়নাল আব্দিন, আব্দুল আলিম খানৰ লগতে লাচাঙ্গা জাতীয় বিদ্যালয়ৰ শিক্ষক তাহেৰ আলী, শিৰাজুল ইছলাম, আনোৱাৰ হুছাইন, শহিদুল ইছলাম সহ প্ৰায় তিনি  শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক উপস্থিত থাকে ।