কলগাছিয়া, ৩০ আগষ্টঃ বৰপেটাৰ কলগাছিয়াৰ খাৰবাল্লীত বান সাহাৰ্য্য বিতৰণৰ বাবে উপস্থিত হয় অসম গৌৰৱ তথা ২০১৭ৰ মিচেছ ইউনাইটেড নেচনছ ৰশ্নি হাছান। আশা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মিচেছ ইউনাইটেড নেচনছ ৰশ্নি হাছানে বান আৰু খহনীয়াত বিধস্ত খাৰবাল্লীৰ দুই শতাধিক পৰিয়ালৰ ক্ষয় ক্ষতিৰ বুজ লৈ বান সাহাৰ্য্য বিতৰণ কৰে৷ বিশ্বসুন্দৰী ৰশ্নিয়ে পিছপৰা গাওঁখনৰ শিক্ষা, স্বাস্থ্য যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ৰাজ্য তথা কেন্দ্ৰ চৰকাৰক অৱগত কৰাৰ লগতে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে গণ্য কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাব বুলি জানিবলৈ দিয়ে৷ সাহাৰ্য্য বিতৰণ অনুষ্ঠানটোত আশাৰ বিষয়া আৰফান বেনাৰ্জীৰ উপস্থিত থাকে।