কলগাছিয়াৰ পৰা স্বফিকুল হাছান, ৩ জানুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ এলেকাৰ কেবাখনো গাঁওত কালি সন্ধীয়া আৱতৰিয়া শিলাবৃষ্টি হয়। এই শিলাবৃষ্টিৰ ফলত অঞ্চলটোৰ কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিৰ ব্যাপক ক্ষতি হোৱাত কৃষকৰ মূৰত ৰাম টাঙোন পৰিছে। ইয়াৰে বালাৰপথাৰ, উদমাৰী, দিগজানি, বাংকাভাঙা আদি অঞ্চলত কৃষকে কৰা তিয়ঁহ, কেৰেলা, জলকীয়া, বিলাহী, মটৰ, পানীলাও আদি সকলো ধৰণৰ শাক-পাচলিৰ খেতি নষ্ট হোৱাত খেতিয়ক সকলে মূৰে কপালে হাত দিব লগা হৈছে। ইয়াৰোপৰি সৰিয়হ খেতিৰো ব্যপক ক্ষতি হৈছে।ইমানেই শিলাবৃষ্টি হৈছে যে, এতিয়াও বৰফ দম বান্দী আছে। আবতৰিয়া শিলাবৃষ্টিৰ বাবে ক্ষতি হোৱা কৃষকে চৰকাৰলৈ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে।