নগাঁও, ২ জানুৱাৰী: নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত পুৰণিগুদামৰ চলচলীত বন বিভাগে অভিযান চলাই মঙলবাৰে দুটাকৈ অবৈধ কাঠৰ মিল উৎসত কৰে। শালনা আঞ্চলিক বন বিষয়া নেপাল মণ্ডল আৰু কে কে দেউৰীৰ নেতৃত্বত বন বিভাগৰ এটা দলে পুৰণিগুদামৰ চলচলীত অভিযান চলাই এই অবৈধ কাঠৰ মিল দুটা উৎসত কৰে। উৎসত হোৱা অবৈধ কাঠৰ মিল দুটাৰ গৰাকী পুৰণিগুদামৰ চলচলীৰ ৰুবুল আলী আৰু দিব্যজ্যোতি বৰা বুলি বন বিভাগে জানিবলৈ দিয়ে। উল্লেখ্য যে অবৈধ কাঠৰ মিল উৎসত কৰা বন বিভাগৰ দলটোত শালনা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ বনকৰ্মীৰ লগতে নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু বন সুৰক্ষা বাহিনীৰ লোক আছিল।