কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৯ মাৰ্চ: পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া শাসনৰ পিছত পৰিৱৰ্তন আৰু উন্নয়নৰ আশ্বাস দি ৰাজ্যত ক্ষমতালৈ অহা বিজেপি চৰকাৰখনৰ উন্নয়নৰ ফোপোলাস্বৰূপ ৰাজ্যৰ পথ আৰু দলংৰ অৱস্থা দেখিলেই বুজিব পাৰি। বৰপেটা জিলাৰ কলগাছিয়াৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বনঘূগীগাঁও পঞ্চায়তৰ খাটাৰতাৰী গাঁৱৰ বাঁহৰ দলংখন পৰিণত হৈছে মৰণফান্দ। জৰাজীৰ্ণ এই বাঁহৰ দলংখনৰ মাজত থকা বাঁহ ভাঙি ডাঙৰ ডাঙৰ গাতৰ সৃষ্টি হৈছে যদিও দলংখনৰ মেৰামতিৰ ক্ষেত্ৰত কুম্ভকৰ্ণ নিদ্ৰাত স্থানীয় বিধায়ক আৰু বিভাগীয় কতৃপক্ষ। এই বাঁহৰ দলংখনেৰে এই বৃহৎ অঞ্চলৰ কেইবা হাজাৰ লোকে যাতায়ত কৰাৰ লগতে ছাত্র ছাত্ৰী সকল বিদ্যালয় আৰু মহাবিদ্যালয়লৈ অহা যোৱা কৰে। উল্লেখ্য যে, অঞ্চলটোৰ স্থানীয় ৰাইজে এই ভঙা বাঁহৰ দলংখনৰ ফটো স্থানীয় বিধায়কক প্ৰদান কৰি দলংখনৰ অৱস্থাৰ বিষয়ে অৱগত কৰিছিল যদিও ৰাইজে বিধায়কৰ পৰা কেৱল মাত্ৰ আশ্বাস হে পাইছে। দলংখন মেৰামতিৰ ক্ষেত্ৰ চৰকাৰ আৰু প্ৰশাসনৰ পৰা কোনো সঁহাৰি নাপাই স্থানীয় ৰাইজ একগোট হৈ ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি আৰু গাঁঠিৰ ধন খৰচ কৰি দলংখন মেৰামতি কৰে যদিও সেয়া সম্প্ৰতি মৰণফান্দত পৰিণত হৈছে।