যোৰহাট, সংবাদ ৩৬৫, ৯ মাৰ্চ: যোৰহাট জিলাৰ মৰিয়নীৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত শুক্ৰবাৰে এক মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। শুক্ৰবাৰে পুৱা কঁঠালগুৰি চাহ বাগিচাৰ কেইজনমান স্থানীয় লোকে অভয়াৰণ্যখনত খৰি আনিবলৈ গৈ ঘন অৰণ্যৰ মাজত এটা খণ্ড বিখণ্ড মৃতদেহ প্ৰত্যক্ষ কৰে। অভয়াৰণ্যৰ ভিতৰত মৃতদেহৰ খবৰ পাই সাংবাদিক আৰু বন বিভাগৰ দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহতো প্ৰত্যক্ষ কৰে। ঘন অৰণ্যৰ মাজত উদ্ধাৰ হোৱা উৱলি যোৱা খণ্ড বিখণ্ড মৃতদেহটো বৰ্তমানে চিনাক্ত কৰিব পৰা হোৱা নাই যদিও অভয়াৰণ্যখনৰ ভিতৰত খৰি আনিবলৈ যোৱা কোনো ব্যক্তি বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা বুলি বনবিভাগে সন্দেহ প্ৰকাশ কৰিছে।