সোণাপুৰ, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰীঃ দেওবাৰে মহানগৰীৰ সমীৱৰ্তী সোণাপুৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সদৌ তিৱা ছাত্ৰ সন্থাৰ ২৯তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পতকা উত্তোলন কৰে তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দিপেন মচৰং আৰু স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় কমিটিৰ মুখ্য কাৰ্য্যকৰী সদস্য পবন মান্তায়। এই উপলক্ষে উলিওৱা এক সংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰি তোলে সমগ্ৰ সোণাপুৰবাসীক। মিচিং, বড়ো, তিৱাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লোকে এই সাংস্কৃতি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠা দিৱসত বিভিন্ন ধৰ্ম জাতি ভাষাৰ লোক একত্ৰিত হৈ ডিমৰীয়াৰ সমন্বয় আৰু ভাতৃত্ববোধৰ এক অন্যতম উদাহৰন দাঙি তোলে।