কলগাছিয়া, সংবাদ ৩৬৫, ৫ জানুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপথাৰ গাঁৱত শনিবাৰে আবেলি এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত আলি হুছেইন নামৰ এজন ব্যক্তিৰ এটি খেৰৰ পজা সম্পূর্ণৰূপে ভস্মীভূত হয়। বৰ্তমানেও এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে চেষ্টা কৰিও জুই নিৰ্বাপন কৰিব নোৱাৰে। পাছত কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছত অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। অগ্নি নিৰ্বাপক বাহিনীয়ে সময়মতে জুই নিৰ্বাপন কৰাৰ বাবে আন কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী ভয়াৱহ অগ্নিকাণ্ডৰ কবলৰ পৰা ৰক্ষা পৰে।