তামুলপুৰ, সংবাদ ৩৬৫, ৫ জানুৱাৰী: অহা ৭, ৮ আৰু ৯ জানুৱাৰীত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় অধিবেশন । গৌজোন ফৌথাৰ(সমন্বয় ক্ষেত্ৰ)ত অনুষ্ঠিত হ’ব লগা কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে । প্ৰায় এক কোটি টকা বাজেট নিৰ্ধাৰণ কৰা এবছুৰ কেন্দ্ৰীয় অধিৱেশনত প্ৰায় এহেজাৰ বৰ্গফুট মাটিকালি সামৰি এখন প্ৰদৰ্শনী, গ্ৰন্থমেলা, জনগোষ্ঠীয় বস্ত্ৰমেলা, বাণিজ্য মেলা আৰু বিভিন্ন জনগোষ্ঠীয় খাদ্যমেলা অনুষ্ঠিত হব ৷ লগতে ভাৰত বৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ দিল্লী, চণ্ডীগড়, পশ্চিম বঙ্গ, মহাৰাষ্ট্ৰ, ত্ৰিপুৰা আদিৰ লগতে নেপাল, বাংলাদেশ আৰু ভূটানৰ পৰাও প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব এই অধিবেশনত ৷ এই অধিৱেশনতে ভাৰতৰ ক্ষুদ্ৰৰাজ্য দাৱী সমিতি (এন এফ এন এচ) ৰো এখন কাৰ্যকৰী সভা অনুষ্ঠিত হব বুলি জানিব দিয়ে আদৰণি সমিতিয়ে । প্ৰায় ৭০০০ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব লগীয়া এবছুৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে পাঁচ শতাধিক স্বেচ্ছা সেৱক-সেৱিকাৰ সামৰিক কুছকাৱাজ আৰু নৃত্য শিল্পীৰ নৃত্যগীতৰ অনুশীলনে অধিৱেশনস্থলীত এতিয়া উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে এৱছুৰ এই অধিবেশনৰ পিচতে হয়তো পৃথক বডোলেণ্ডৰ দাবী অধিক তীব্ৰতৰ হৈ উঠিব ।