বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫ ,৫ জানুৱাৰী: ৰাজ্যত জাতিধ্বংসী বিল নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি তীব্ৰ আন্দোলন, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা আদি বিষয়বোৰৰ আন্দোলন, প্ৰতিবাদ আদি চলি থকাৰ সময়তে বাইহাটা চাৰিআলিৰ বেজেৰাত নিশা পথ নিৰ্মাণক কেন্দ্ৰ কৰি তীব্র উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা অনুসৰি বেজেৰা বালিকুছি পথছোৱা নিৰ্মানত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হয়। উক্ত পথছোৱা নিৰ্মানৰ দায়িত্বত থকা ৰূপক ডেকা নামৰ সহকাৰী অভিযন্তা গৰাকীক শুকুৰবাৰে নিশা স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বেজেৰা বালিকুছি পথৰ দাতিত থকা গম্ভীৰ কলিতা নামৰ ব্যক্তি গৰাকীৰ লগত ধনৰ বিনিময়ত মিতিৰালি কৰাৰ গইণা লৈ অভিযন্তা গৰাকীক অাবদ্ধ কৰে। যাৰবাবে গম্ভীৰ কলিতাই পথ নিৰ্মানৰ বাবে এৰি দিব লগীয়া মাটি এৰি নিদিয়াৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। নিশাৰ ভাগত ৰূপক ডেকা নামৰ অভিযন্তা গৰাকীয়ে কামৰ বুজ ল’বলৈ যোৱাৰ সময়তে আবদ্ধ কৰি ৰাখে স্থানীয় ৰাইজে। কিন্তু সহকাৰী অভিযন্তা গৰাকীয়ে কোনো ধৰনৰ খেলিমেলি হোৱা নাই বুলি দাবী কৰে । আনফালে গম্ভীৰ কলিতাইও পথ নিৰ্মানৰ দায়ীত্বত থকা মহৰীয়ে তেওৰ পৰা টকা দাবী কৰাৰ কথা উল্লেখ কৰে ।