বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২জানুৱাৰী: প্ৰকৃতিৰ অনন্যসৃষ্টি বনভোজস্থলী বগামাটিলৈ এতিয়া হাজাৰ হাজাৰ বনভোজপ্ৰেমীৰ আগমন ঘটিছে। শিলাময় পাহাৰ বগামাটি, এনে লাগে যেন কোনো নিপুণ শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠা এক প্ৰতিচ্ছবি। এই প্ৰতিচ্ছবিয়ে সকলোৰে মন মুগ্ধ কৰি মতলীয়া কৰি তোলে। এনে লাগে যেন প্ৰকৃতিৰ এই অনন্য ৰূপত নিজকেই পাহৰি বিলীন হৈ যাম প্ৰতিজন প্ৰকৃতিপ্ৰেমীয়ে। এসময়ত উগ্ৰপন্থীৰ ৰম্যভূমি হিচাপে পৰিগণিত হোৱা বগামাটি এতিয়া পৰ্যটকৰ মিলনভূমি হৈ পৰিছে। অাজি অাৰু কোনেওঁ অপেক্ষা কৰিব নোৱাৰে বগামাটিৰ হাতবাউলক । নামনিত চিনাকি অচিনাকি শাৰী-শাৰী গছ লতিকাৰে সেউজীয়া আৱৰণ। ঝিৰ ঝিৰ ধ্বনিৰে নদীৰে পৰিৱেষ্টিত বগামাটি প্ৰকৃতিৰ অনন্য সৃষ্টি। এই বগামাটী ৰাজধানী দিছপুৰৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ নিলগত তথা বি টি এ ডিৰ বাক্সা জিলাত অৱস্থিত বগামাটি অনাবিল অানন্দৰ স্থল। এই বগামাটিৰ বুকুৰে কুলু কুলু ধ্বনিৰে কোলাহল তুলি সুদূৰৰ ওখ সেউজভূমি ভূটান পাহাৰৰ পৰা নামি অাহিছে নৈখন । ধীৰ ,শান্ত আৰু গভীৰ এই বৰনদীৰ পাৰত বহি এসাঁজ খোৱাৰ উদ্দেশ্যেৰে প্ৰতি বছৰৰ দৰে এইবাৰো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হাজাৰ হাজাৰ বনভোজপ্ৰেমীৰ লানি নিছিগা সোঁত বৈছে প্ৰকৃতিৰ সৃষ্টি বগামাটিলৈ। নতুন বছৰৰ পহিলা দিনটোতো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সম্প্ৰদায়ৰে লোকে-লোকাৰণ্য হৈ পৰিল ভাৰত-ভূটান সীমান্তৰ বগামাটি । উদ্দেশ্য এটাই এবাৰ বগামাটিৰ সেউজ সৌন্দৰ্যক নয়ন ভৰি চোৱা অথবা নতুন বছৰৰ শুভেচ্ছা জনাই এসাঁজ খোৱাৰ । ধীৰ স্থিৰ বৰনদীখনো নতুন বছৰৰ পহিলা দিনটোত অানন্দ ,গৰ্বত নিমজ্জিত । কিয়নো প্ৰতিজন বনভোজ প্ৰেমীয়ে যে তাৰ নীলাভ গভীৰ শীতল জলৰাশিক এবাৰ হেঁপাহেৰে স্পৰ্শ কৰিছে । পৰ্যটনৰ প্ৰচুৰ সম্ভৱনাৰে ভৰপুৰ প্ৰকৃতিৰ সেউজভূমি বগামাটিৰ জৈৱ-বৈচিত্ৰ্যও মন কৰিব লগীয়া । শীতৰ অাগমনৰ লগে লগে দেশ বিদেশৰ পৰিভ্ৰমী পক্ষীৰ উদ্যানলৈ ৰূপান্তৰিত হয় বগামাটি । মুক্ত অাকাশৰ তলত বগামাটিৰ সেউজীয়া ঘাঁহনিত বহি পৰিৱেশ বিজ্ঞান সম্বন্ধীয় অধ্যয়নৰ বাবেও বিভিন্ন ঠাইৰ পৰা ছাত্ৰ-ছাত্ৰী তথা বহিঃৰাজ্যৰ পৰ্যটকৰ সমাগম হয়। এতিয়া উদ্দেশ্য মাত্ৰ এটাই যে প্ৰকৃতিৰ অপৰূপ সৃষ্টি বগামাটিলৈ আহি দৃশ্য উপভোগ কৰি এসাজ লগে-ভাগে সকলোৱে খোৱাৰ।