কলগাছিয়া, সংবাদ ৩৬৫, ৭ জানুৱাৰী: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে সৰ্বসাধাৰণ ৰাইজেও মাৰবান্ধি থিয় দি আহিছে।অসমীয়া জনসাধাৰণৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে যুটীয়া সংসদীয় কমিটি নামেৰে এখন কমিটি গঠন কৰি দি নাটকীয় ভাৱে অসমৰ ৰাইজৰ মতামত গ্ৰহণ কৰে। কিন্তু মতামত গ্ৰহণত দেখা গৈছিল যে যুটীয়া সংসদীয় কমিটিটোৱে অসমৰ ব্ৰহ্মপুত্ৰ ভেলীত মাত্ৰ এদিন উপস্থিত থাকি ৰাইজৰ মতামত গ্ৰহণ কৰাৰ বিপৰীতে বৰাক ভেলীৰ যিবোৰ এলেকাত বিধায়কৰ সপক্ষে মত দিয়াৰি সম্ভাৱনা অধিক আছিল সেই এলেকা সমূহত সমিতিয়ে দুদিন পৰ্যন্ত থাকি একপক্ষীয়ভাৱে মতামত গ্ৰহণ কৰে। সোমবাৰে যুটীয়া সংসদীয় কমিটিয়ে লোকসভাত বিধেয়ক খনৰ প্ৰতিলিপি দাখিল কৰিছে। এই খবৰত ধাৰাবাহিকভাৱে ৭০ টা সংগঠনৰ সহযোগত গণতান্ত্ৰিক আন্দোলন কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু সৰভোগৰ আছুয়ে জাঙুৰ খাই উঠা দেখা যায়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কলগাছিয়া আঞ্চলিক সমিতয়ে সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ প্ৰতিলিপি দাহ কৰে ইফালে সৰভোগৰ আছুয়েও প্ৰতিলিপিখন দাহ কৰাৰ সময়ত বিজেপি চৰকাৰ গ’বেক, নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, আৰ এছ এছৰ দালালগিৰী নচলিব, বিধেয়ক বাতিল হ’বই লাগিবই, জাতি, মাটি, ভেটি আৰু পৰিবৰ্তনৰ শ্লোগান আওৰাই ক্ষমতাৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল গ’বেক আদি ধ্বনিৰে কলগাছিয়াৰ পৰিবেশ উত্তাল কৰি তোলে।