সোণতলী, সংবাদ ৩৬৫, ৩১ জানুৱাৰীঃ  দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সোণতলী অঞ্চলত হত্যা, লুণ্ঠন, ধৰ্ষণৰ দৰে অপ্ৰীতিকৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে সোণতলী অঞ্চলত দুৰ্বৃত্তই চলাই আছে বিভিন্ন অপৰাধমুকল ঘটনা আৰু এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিছে এই অভিযোগ উত্থাপন কৰিছে  সোণতলী আঞ্চলিক মহাবিদ্যালয় শিক্ষাৰ্থীসকল। মঙ্গলবাৰে সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত বগুৰীগুৰী গাঁৱৰ আবুল কালামৰ পুত্ৰ তথা সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ স্নাতকৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ বাহাৰ আলীক এক দুৰ্বৃত্তৰ দলে পৰিকল্পিত ভাৱে হত্যা কৰি পথাৰত পেলাই থৈ যায়৷ হত্যাকাণ্ডৰ খবৰ পাই সোণতলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে যদিও ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো কোনো এজন হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাটো এক ৰহস্যকৰ বিষয় হৈ পৰিছে সমগ্ৰ অঞ্চলবাসীৰ বাবে৷ এই ক্ষেত্ৰত সোণতলী আৰক্ষীৰ অক্ষমতাৰ প্ৰতি লক্ষ্য কৰি বুধবাৰে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মহাবিদ্যালয়ৰ পৰা এক প্ৰতিবাদী সমদল উলিওয়াই বাহাৰ আলী হত্যাৰ তদন্তৰ দাবী জনায়। প্ৰতিবাদকাৰীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, বাহাৰ আলীৰ হত্যাৰ ন্যায় লাগে, দোষীক কৰায়ত্ব কৰক শ্লোগানে দি সোণতলী আৰক্ষী চকী ঘেৰাও কৰে৷ শিক্ষাৰ্থীসকলে বাহাৰ আলীৰ হত্যাৰ সঠিক তদন্ত কৰি অপৰাধীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ  দাবী জনায়৷