ৰঙিয়া, সংবাদ ৩৬৫, ৩১ জানুৱাৰীঃ  ৰঙিয়াৰ বাছ অৱস্থানত বুধবাৰে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে স্থানীয় ৰাইজে। ৰঙিয়া নগৰৰ মাজেৰে গধুৰ যান বাহনৰ চলাচল বন্ধ কৰাৰ দাবীত ৰাইজে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি পৰিবেশ উত্তাল কৰি তোলে। অৱৰোধকাৰীয়ে ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই ৰঙিয়া আৰক্ষী মূর্দাবাদ, ৰঙিয়া মহকুমা আৰক্ষী মূর্দাবাদ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। ৰাইজৰ অভিযোগ ৰঙিয়া আৰক্ষী তথা প্ৰশাসন ৰঙিয়া নগৰৰ মাজেৰে যোৱা গধুৰ তীব্ৰবেগী যান বাহনক নাকি লগোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যাৰ ফলত সঘনাই এই পথটোত দুর্ঘটনা সংঘটিত হৈ আছে। ৰাইজৰ প্ৰতিবাদ অধিক তীব্র হোৱাত ঘটনাস্থলীত ৰঙিয়া নিৰ্বাচনী বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক আশ্বাস দিয়াত পৰিস্থিতি শান্ত হয়। পথ অৱৰোধৰ সময়চোৱাত আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেইবা শতাধিক যান বাহন আবদ্ধ হৈ পৰা পৰিলক্ষিত হয়।