কাজিৰঙা

২১ এপ্ৰিল

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহিছে বেয়া খবৰ। কভিড আতংকৰ মাজতে ৰাষ্ট্রীয় উদ্যানখনত নিহত হৈছে এটা গঁড়। চোৰাং চিকাৰীয়ে হত্যা কৰে গঁড়। খড়্গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ হয় উদ্যানখনত।

দেশৰ লগতে অসমতো কভিড মহামাৰীৰ দ্বিতীয় ঢৌ তাণ্ডৱ চলাই থকাৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ হাতত নিহত হৈছে এটা গঁড়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জৰ অন্তৰ্গত হনুমান বন শিবিত সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা। বন বিষয়াই হনুমান বন শিবিত খড়্গ নথকা অৱস্থাত এটা গঁড়ৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

উল্লেখ্য যে নতুনকৈ নিযুক্তি লাভ কৰা বন বিষয়াই অঞ্চলটো পৰিদৰ্শন কৰিবলৈ যাওঁতে মৃত অৱস্থাত গঁড়টোক প্ৰত্যক্ষ কৰে। গঁড়টোক তিনি-চাৰি দিন পূৰ্বে হত্যা কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইফালে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই।