মানাহ, ৬ জানুৱাৰী: বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হোৱা তিনিতকৈ গঁড়ৰ পোৱালিয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানত লাভ কৰিলে নতুন বাসস্থান। বানপানীৰ সময়ত  কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ তথা পুনৰ সংস্থাপন কেন্দ্ৰই উদ্ধাৰ কৰা তিনিতকৈ মাইকী গঁড়ৰ পোৱালি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰা হয়। উল্লেখ্য যে ৰাজ্যত ২০১৬ চনত হোৱা বানপানীত সময়ত কাজিৰঙাৰ হালধিবাৰী, দেওপানী আৰু শিলডুবিৰ পৰা মাতৃৰ পৰা বিছিন্ন হোৱা পোৱালি কেইটাক কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ তথা পুনৰ সংস্থাপন কেন্দ্ৰত ৰখা হৈছিল। শনিবাৰে পুৱা এই মাতৃহাৰা গঁড়ৰ পোৱালি কেইটাক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত থকা ৰাইনো কেম্পত মুকলি কৰি দিয়া হয় পোৱালি কেইটাক। শনিবাৰে মুকলি কৰি দিয়া পোৱালি কেইটাৰ সৈতে মানাহত ৩৫ লৈ বৃদ্ধি পালে গঁড়ৰ সংখ্যা। বৰ্তমান মানাহৰ ৰাইনো কেম্পত পৰ্যবেক্ষণত ৰখা হৈছে গঁড়ৰ পোৱালি কেইটা।