শিৱসাগৰ

৮ জুলাই

কামৰূপ (মহানগৰ) জিলাত সম্পূৰ্ণ লক ডাউন চলি থকাৰ পাছতো বৃহৎসংখ্যক লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ লক্ষণ দেখা দিয়াৰ প্ৰতি লক্ষ্য ৰাখি তথা শিৱসাগৰ জিলাত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে শিৱসাগৰ জিলা দণ্ডাধীশ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভাপতি লক্ষ্মীনন্দন গগৈয়ে যোৱা ৭ জুলাই তাৰিখে জাৰি কৰা এক আদেশ যোগে কামৰূপ (মহানগৰ)ৰ পৰা শিৱসাগৰ জিলালৈ আৰু শিৱসাগৰ জিলাৰ পৰা কামৰূপ (মহানগৰ)লৈ যাত্ৰাত নিষেধা়জ্ঞা আৰোপ কৰিছে।

জনসাধাৰণৰ স্বাস্থ্য, স্বাস্থ্যবিধি, নিৰাপত্তা আৰু গনসংক্ৰমণ ৰোধৰ স্বাৰ্থত এই আদেশ বলৱৎ কৰা হৈছে। এই আদেশ মৰ্মে বিভাগীয় মূৰব্বীসকলক নিজ নিজ বিভাগৰ বিষয়া বা কৰ্মচাৰী কামৰূপ (মহানগৰ)ৰ পৰা শিৱসাগৰ জিলালৈ আৰু শিৱসাগৰ জিলাৰ পৰা কামৰূপ (মহানগৰ) লৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত যাতে যাত্ৰা নকৰে সেইয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে, অতি জৰুৰী বিষয়ত কামৰূপ (মহানগৰ)ৰ পৰা শিৱসাগৰ জিলালৈ আহ-যাহ কৰিব লগা হ’লে সংশ্লিষ্ট ব্যক্তিসকলে জিলাখন নিৰ্দিষ্ট কৰি দিয়া স্থানত স্ক্ৰীনিং আৰু স্বাৱ পৰীক্ষা কৰাৰ পাছত কঠোৰ গৃহ পৃথকীকৰণত থাকিব লাগিব বুলিও এই আদেশত উল্লেখ কৰা হৈছে।

এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বলৱৎ হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব।