যতীন নাথ

মাজবাট 

৮ জুলাই

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ২ নং নাহৰবাৰী গাঁৱৰ ৰামশংকৰ প্ৰসাদৰ ২৩ বছৰীয়া পুত্ৰ জিতেন্দ্ৰ প্ৰসাদ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে জিতেন্দ্ৰ প্ৰসাদ তিনি দিন ধৰি কাঁহ, জ্বৰত ভুগি আছিল আৰু স্থানীয় মাজবাটৰ ফাৰ্মাচীৰ পৰা ঔষধ কিনি খোৱাৰ পিছতো কাঁহ, জ্বৰ ভাল নোহোৱাত পৰিয়ালৰ লোকে যুৱক জন্য তেজপুৰ মিছন হস্পিতাললৈ নিয়ে। তেজপুৰ মিছনত হস্পিতালত স্বাস্থ্য পৰিক্ষা নকৰাকৈ যুৱক জনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কভিড পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰাত যুৱক জনৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰে। পৰৱৰ্তী সময়ত যুৱক জনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ৭ জুলাইত সন্ধিয়া ৬.৪৫ বজাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কভিড আই.চি. ইউত জিতেন্দ্ৰ প্ৰসাদক সংকটজনক অৱস্থাত ভৰ্তি কৰে যদিও বৃহস্পতিবাৰে ৰাতিপুৱা ৫.৩০ বজাত যুৱক জনে মৃত্যুক আকোৱালি লয়।

উল্লেখ্য যে, কোনো ধৰণৰ ভ্ৰমণ ইতিহাস নথকা জিতেন্দ্ৰ প্ৰসাদৰ দেহত কভিড-১৯ ধৰা পৰাত মাজবাটবাসী ৰাইজৰ লগতে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোকৰ মাজত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। ইতিমধ্যেই স্বাস্থ্য বিভাগে জিতেন্দ্ৰ প্ৰসাদৰ সংস্পৰ্শলৈ অহা লোকসকলৰ স্বাৱ সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰিছে।