কুন্দন ভৰালী

নগাঁও

৫ ছেপ্টেম্বৰ

নগাঁৱৰ পলাতক অভিযুক্ত ৰফিকুল ইছলাম গ্ৰেপ্তাৰ।
ধিঙৰ পৰা ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে। ধৃত ৰফিকুল ইছলামে পত্নী-সন্তানক পেট্ৰ’ল ঢালি জ্বলাই হত্যা কৰি পলায়ন কৰিছিল।

নগাঁও চহৰৰ ২ নং মোলাপট্টিত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ অভিযুক্ত ৰফিকুল ইছলাম অৱশেষত আৰক্ষীৰ জালত পৰিল। শনিবাৰে নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰত খবৰৰ ভিত্তিত ধিঙত অভিযান চলাই হত্যাকাৰী ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে নগাঁও জিলাৰ ২ নং মোলাপট্টিত বৃহস্পতিবাৰে নিশা ৰফিকুল ইছলামে পেট্ৰল ঢালি পত্নী মিনাৰা বেগমৰ লগতে দুই সন্তানক জ্বলাই দিছিল। ৰফিকুল ইছলামৰ নৃশংস কাণ্ডত মিনাৰা বেগমৰ লগতে কণমানি কন্যা সন্তানৰ মৃত্যু হৈছিল যদিও নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ মৃত্যুৰ সৈতে যুঁজি আছে ৰফিকুল ইছলাম আৰু মিনাৰা বেগমৰ পুত্ৰ সন্তান চিৰাজুল ইচলাম। এই নৃশংস কাণ্ড সংঘটিত কৰি বৃহস্পতিবাৰ নিশাৰে পৰা ৰফিকুল ইছলাম পলাতক অৱস্থাত আছিল।

কি কাৰনত এই নৃশংস ঘটনা সংঘটিত হৈছিল সেই সম্পৰ্কে আৰক্ষীও কোনো ধৰণৰ তথ্য লাভ কৰা নাছিল যদিও এতিয়া ৰফিকুল ইছলামৰ গ্ৰেপ্তাৰৰ পিছত ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব। ইফালে ৰফিকুল ইছলামক উচিত শাস্তি প্ৰদানৰ দাবীত স্থনীয় ৰাইজে হয়বৰগাঁও আৰক্ষী চকী ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে।