আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১১ ডিচেম্বৰ

“কা”ৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাজপথ কঁপালে প্ৰতিবাদী মিছিলে। ১৯ টা জাতি-জনগোষ্ঠীয় সংগঠনৰ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে শিৱসাগৰ। বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প প্ৰতিবাদকাৰী সকলৰ।

শিৱসাগৰ চহৰৰ ৰাজপথ শুকুৰবাৰে কপাই তুলিলে “কা” বিৰোধী প্ৰতিবাদী মিছিলে। ১৯ টা জাতি-জনগোষ্ঠীয় সংগঠনৰ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে “কা”ৰ বিৰুদ্বে ৰাজপথলৈ ওলাই আহি উত্তাল কৰি তোলে শিৱসাগৰৰ ৰাজপথ। কৃষক মুক্তি সংগ্ৰাম সমিতি, জাগৃত নাৰী সমাজ, আহোম জাতীয় গণ মঞ্চ, মৰিয়া যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, ঐক্য সেনা অসম, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, চাহ জনজাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলনকে আদি কৰি ১৯ টা সংগঠনৰ সহস্ৰাধীক প্ৰতিবাদকাৰীয়ে “কা” বিৰোধী ধ্বনিয়ে উত্তাল কৰি তোলে শিৱসাগৰ চহৰৰ ৰাজপথ।শিৱসাগৰ চহৰৰ তাই আহোম বিকাশ কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত প্ৰতিবাদী সভাত অংশগ্ৰহন কৰি প্ৰতিবাদী কণ্ঠই উত্তাল কৰি তোলে শিল্পী মানস ৰবীন, বীৰ লাচিত সেনাৰ শৃঙ্খল চলিহা, কৃষক নেতা ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰকে ধৰি কেইবাগৰাকী নেতাই।

প্ৰতিবাদী সভাৰ পিছতেই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে “কা” বিৰোধী শ্ল’গানেৰে এক বিশাল প্ৰতিবাদী মিছিল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ “কা” আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আৰু উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদকাৰী সকলে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্পও গ্ৰহণ কৰে।