জিন্টু পাংচু

ক্ষেত্ৰী

১১ ডিচেম্বৰ

তিৱা স্বায়ত্ব শাসিত নিৰ্বাচনৰ পৰা ডিমৰীয়াৰ ৬ সমষ্টীৰ বাতিলৰ দাবীত আমৰি কাৰ্বি ছাত্র সন্থাৰ আৰু ডিমৰীয়াৰ ৰজাৰ লগতে আমৰি কাৰ্বি ৫ সংগঠনে শুকুৰবাৰে ক্ষেত্রীৰ চমতাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা পথ অবৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ডিমৰীয়াৰ পৰা তিৱা নিৰ্বাচন বাতিল নকৰালৈ প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰৰিবাদকাৰী সকলে।

তিৱা স্বায়ত্ব শাসিত নিৰ্বাচনৰ পৰা ডিমৰীয়াৰ ৬ সমষ্টীৰ বাতিলৰ দাবীত আমৰি কাৰ্বি ছাত্র সন্থাৰ প্ৰতিবাদৰ সময়ছোৱাত সম্পুৰ্ণৰূপে বন্ধ পৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা পথ। ইয়াৰ পূৰ্বেও উক্ত দাবীত আমৰি কাৰ্বি লোক সকলে বহুবাৰ প্ৰতিবাদ কৰি আহিছে যদিও তেওঁলোকৰ প্ৰতিবাদৰ প্ৰতি কোনো সহাৰি প্ৰদান নকৰাত শুকুৰবাৰে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰৰিবাদকাৰী সকলে অতি শীঘ্ৰে যদি এই সন্দৰ্ভত চৰকাৰে আমৰি কাৰ্বি দল-সংগঠনৰ লগত আলোচনাত মিলিত নহয় তেন্তে ডিমৰীয়াত অধিক তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব আৰু ইয়াৰ পৰৱৰ্তী পৰিস্থিতিৰ বাবে তিৱা ছাত্র সংগঠ দায়ী নহ’ব বুলি হুংকাৰ প্ৰদান কৰে