গুৱাহাটী, সংবাদ ৩৬৫, ২৯ ফেব্ৰুৱাৰী: শনিবাৰে ‘কা’ ৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ, কাৰাবন্দী আন্দোলনকাৰী সকলক অতিশীঘ্ৰে মুক্তি দিয়া, এল আই চি কে ধৰি ৰাজহুৱাখণ্ডৰ ব্যক্তিগতকৰণ বন্ধ আৰু বাজেটত শিক্ষা আৰু স্বাস্থ্য শিতানত খৰছ বৃদ্ধিৰ দাবীত ভাৰতৰ ছাত্ৰ ফেডাৰেচন, চেন্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত গুৱাহাটীত এক আইন অমান্য আন্দোলন অনুষ্ঠিত কৰা হয়। চান্দমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সন্মুখৰ পৰা এই প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

প্ৰতিবাদী সমদলটো চানমাৰি অভিযান্ত্রিক মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা ওলাবলৈ লওঁতেই আগৰে পৰা সষ্টম হৈ থকা চৰকাৰী পুলিচ বাহিনীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে। এছ এফ আইৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰী, যুটীয়া সম্পাদক সংগীত দাস, কামৰূপ মহানগৰ জিলা সম্পাদক কল্যান বুঢ়াগোহাঁই, চিটুৰ জিলা সম্পাদক অকবৰ আলি আহমেদ, মহিলা সমিতিৰ জিলা সম্পাদিকা বিনা বৰাসহ ৪৩ গৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাহিলিপাৰাস্থিত চতুৰ্থ বেটেলিয়ন খেলপথাৰত আৱদ্ধ কৰি ৰাখে।

সংশোধিত নাগৰিকত্ব আইন চমুকৈ ‘কা’ সংবিধান বিৰোধী, সাম্প্ৰদায়িক আৰু অসম বিৰোধী। ই অসম চুক্তিকো উলংঘা কৰিছে। সেয়ে এই আইন কোনো পৰিস্থিতিতে গ্ৰহণ কৰা নহ’ব বুলি সংগঠনকেইটাই স্পষ্ট কৰি দিয়ে। বিজেপিয়ে জাতি, মাটি, ভেটিৰ কথা কৈ ভোট লৈ এতিয়া সৰ্বনশীয়া ‘কা’ৰ জৰিয়তে বিদেশীক ৰঙা দলিচা পাৰিলে নচলিব। কেৰেলা, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, পন্ডিচেৰী আৰু তেলেংগনা আদি ৰাজ্যত যেনেদৰে বিধানসভাত ‘কা’ৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰি এই আইন প্ৰযোজ্য হ’ব নিদিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে, অসম বিধানসভাতো অতি শীঘ্ৰে এই প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে বুলি প্ৰতিবাদকাৰী সকলে দাবী জনায়। আনহাতে চৰকাৰে দমনমূলক নীতিৰে ‘কা’ বিৰোধী আন্দোলন বন্ধ কৰা সহ্য কৰা নহ’ব বুলি সংগঠনকেইটাই জনায়। আমাক নিয়া নহয়, ন্যায় লাগে, অখিল গগৈসহ কাৰাবন্দী হৈ থকা আন্দোলনকাৰী সকলক অতি শীঘ্ৰে বিনাচৰ্তে মুক্তিৰ দাবীও জনায়।

ইয়াৰ উপৰিও অতি সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে যি বাজেট দাখিল কৰিছে, তাত কেইবাটাও জনবিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি শিক্ষা আৰু স্বাস্থ্যৰ দৰে মানৱ সম্পদ উন্নয়নৰ বিষয়বোৰত খৰছ বৃদ্ধিৰ দাবীও জনায়।