গুৱাহাটী, সংবাদ ৩৬৫, ১ মাৰ্চ : দেওবাৰে কংগ্ৰেছৰ পতাকাৰ তললৈ আহিল তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মা। ৪০ বছৰ আৰ এছ এছ আৰু বিজেপি কৰি আজি কংগ্ৰেছী হ’ল ৰাম প্ৰসাদ শৰ্মা। যোগদান কৰিয়ে আৰ পি শৰ্মাৰ ঘোষণা ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিব ৮০ খন আসন।

দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এক যোগদান সমাৰোহ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত আৰু সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই আঁতধৰা কাৰ্যসূচীত বৰ্ষীয়ান বিজেপি নেতা, অসম গোৰ্খা সন্মিলনৰ সভাপতি, প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সভাপতি ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই দলীয় মাফলাৰ আৰু টুপী পৰিধান কৰোৱাই কংগ্ৰেছ দললৈ আদৰণি জনায় আৰ পি শৰ্মাক। আৰ পি শৰ্মাৰ লগতে সাহিত্যিক, সাংবাদিক, চিন্তাবিদ্ জমশ্বেদ আলী, এন পি পি দলৰ ৰাজ্যিক সমন্বয়ক ৰিজুমণি তালুকদাৰ, অভিযন্তা সংগীতা গোস্বামী, ছাত্ৰ কৰ্মী প্ৰশান্ত মেধি, ব্যৱসায়ী আজাদ হুছেইন, মহিলা ব্যৱসায়ী ছবিনা আখতাৰ, সমাজকৰ্মী জিমিমা কোঁৱৰ, আজাদ হুছেইন আৰু বাক্সা জিলাৰ বিপিএফ দলৰ কৰ্মকৰ্তা অজিত মেধিকে ধৰি বহুকেইগৰাকী নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰি দলীয় সদস্য পদ গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপদলপতি ৰকিবুল হুছেইন, মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাসৰ উপৰিও কেইবাগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কৰ লগতে কংগ্ৰেছৰ দলৰ বহু কৰ্মী-বিষয়ববীয়া উপস্থিত থাকে। যোগদান সভাত যেগদানকাৰী আৰ পি শৰ্মা, জমশ্বেৰ আলী, ৰিজুমনি তালুকদাৰে সাম্প্ৰতিক সময়ত দেশ আৰু জাতিৰ স্বাৰ্থত কংগ্ৰেছ দলক শক্তিশালী কৰাৰ সংকল্প দোহাৰে। সভাৰ সামৰনিত সভাপতি ৰিপু্ণ বৰাই যোগদান কৰা সকলোকে আদৰণি জনাই দলৰ সকলো কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

উক্ত অনুষ্ঠানতে কংগ্ৰেছ দলৰ সম্পাদক অমিত আগৰৱালাৰ জীয়ৰী সদ্য এম বি বি এছ পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত অষ্টম আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত দ্বীতীয় স্থান লাভকৰা আকিশা আগৰৱালাক এখনি ফুলাম গামোছা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনায়।