খেৰণি, সংবাদ ৩৬৫, ১৫ মাৰ্চ: পশ্চিম কাৰ্বি আংলঙ জিলাৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰ মাটিখোলাত বৃহস্পতিবাৰে এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পাই খেৰণি বনবিভাগৰ বনকর্মী ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ মাটিখোলাৰ কুঁহিয়াৰৰ খেতিৰ মাজত উদ্ধাৰ হোৱা বনৰীয়া হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগ আৰু স্থানীয় ৰাইজে বিহযুক্ত খাদ্য সেৱনৰ ফলত হাতীটোৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি বন বিভাগৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে। আনহাতে, বুধবাৰে নিশা খেৰণিৰ বৰ মাটিখোলাত ৰামজী চৌধুৰী নামৰ এজন লোকৰ বাসগৃহত বনৰীয়া হাতীয়ে আক্ৰমণ কৰি চৌধুৰীৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। পশ্চিম কাৰ্বি আংলঙ জিলাৰ বিভিন্ন অঞ্চলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বনৰীয়া হাতীৰ জাকে প্ৰায়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। স্থানীয় ৰাইজে বিভিন্ন সময়ত হাতীৰ সন্ত্ৰাসৰ পৰা অঞ্চলবাসীক ৰক্ষা কৰিবলৈ বন বিভাগক অনুৰোধ জনাই আহিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।