সোণাপুৰ, সংবাদ ৩৬৫, ১৫ মাৰ্চ: মহানগৰী গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত বুধবাৰে নিশা বন বিভাগে এক অভিযান চলাই দুখনকৈ অবৈধ পাইন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। বুধবাৰে নিশা সোণাপুৰ আঞ্চলিক বন বিষয়াৰ এটা দলে মেঘালয় পৰা শোণিতপুৰ জিলাৰ ঢেকিয়াজুলীলৈ গৈ থকা অৱস্থাত এএছ-০১-ডিডি-৫৮৫৯ আৰু এএছ-০১-জেচি-২৯৫২ নম্বৰৰ অবৈধ কাঠ ভৰ্তি ট্ৰাক দুখন জব্দ কৰে। বন বিভাগে জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে দুখন অবৈধ কাঠ (পাইন) ভৰ্তি ট্ৰাক জব্দ কৰে। বন বিভাগে জানিবলৈ দিয়া মতে জব্দ হোৱা ট্ৰাক দুখনৰ এখন ট্ৰাক অবৈধ কাঠ লৈ ঢেকীয়াজুলি আৰু আনখন ট্ৰাক মৰিগাঁৱলৈ যাত্ৰা কৰি থকা অৱস্থাত ধৰা পৰে। উল্লেখ্য যে, সোণাপুৰৰ সীমান্তত লাগি থকা মেঘালয়ৰ বিভিন্ন অঞ্চলৰ পৰা নিশাৰ ভাগত অবৈধ কাঠৰ লগতে শিল, বালি ৰাজ্যৰ বিভিন্ন স্থানলৈ সৰবৰাহ হৈ আহিছে বুলি একাংশ স্থানীয় ৰাইজে অভিযোগ কৰিছে। স্থানীয় ৰাইজে আৰু অভিযোগ কৰে যে একাংশ বন বিষয়া আৰু আৰক্ষীক মেনেজ কৰি কিছুমান লোকে মেঘালয়ৰ বিভিন্ন স্থানত লগতে সোণাপুৰৰ ভিতৰুৱা অঞ্চলত বনজ সম্পদৰ অবৈধ ব্যৱসায়ী চলাই আছে।