যোৰহাট, সংবাদ ৩৬৫, ৫ মাৰ্চ: উজনি অসমৰ যোৰহাট জিলাৰ মৰিয়নীস্থিত হোলোঙাপাৰ গিবন বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি এটা বনৰীয়া হাতী কুঁৱাত আৱদ্ধ হৈ আছে। জানিব পৰা মতে খাদ্যৰ সন্ধানত প্ৰায়ে অভয়াৰণ্যখনৰ পৰা বনৰীয়া হাতীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। দেওবাৰে নিশাও এটা বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি পুৱাৰ ভাগত অভয়াৰণ্যলৈ উভতি যোৱাৰ সময়ত জাকটোৰ এটা প্ৰাপ্তবয়স্ক হাতী অঞ্চলটোৰ এটা পৰিত্যক্ত কুঁৱাত পৰি আবদ্ধ হৈ পৰে। বনৰীয়া হাতী কুঁৱাত পৰি আবদ্ধ হোৱাৰ খবৰ পাই স্থানীয় ৰাইজে বনবিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোহত বনৰীয়া হাতীটোক বহু প্ৰচেষ্ঠাৰ অন্তত কুঁৱাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে কুঁৱাত পৰিলেও বনৰীয়া হাতীটো কোনোধৰণ আঘাতপ্ৰাপ্ত হোৱা নাই আৰু বৰ্তমান সম্পূৰ্ণ বিপদমুক্ত হাতীটো অভয়াৰণ্যত প্ৰৱেশ কৰিছে।