মানকাচাৰ, সংবাদ ৩৬৫, ৫ মাৰ্চ: সোমবাৰে দিনৰ ১০ বজাত দক্ষিণ ছালমাৰ মানকাচাৰ জিলাৰ হাটশিঙিমাৰীৰ সোণাপুৰ বজাৰত ভাৰতীয় সেনা বাহিনীয়ে এক চাফাই অভিযান চলাই ৰাইজক নিজৰ দোকান, ঘৰ নিজে পৰিষ্কাৰ কৰি ৰাখিবলৈ অনুৰোধ জনায়। হাটছিঙিমাৰীস্থিত সোণাপুৰ আৰ্মী কেম্পৰ সেনাৰ উদ্ধোগত সোমবাৰে সোণাপুৰ বজাৰত চাফাই অভিযান অনুষ্ঠিত কৰা হয়। চাফাই অভিযানত অঞ্চলটোৰ প্ৰায় দুই শতাধিক শিক্ষাৰ্থী, ৰাইজ আৰু দোকানীয়ে হাতে হাতে ঝাড়ু লৈ সোণাপুৰ বজাৰখন পৰিষ্কাৰ কৰে। আমি সকলোৱে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি নিজৰ নিজৰ ঘৰ, দোকান আৰু অঞ্চল পৰিষ্কাৰ ৰাখিব লাগে বুলি আৰ্মীৰ কমাণ্ডেণ্ট বি এছ ৰেইনিয়ে ৰাইজক আহ্বান জনায়। নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাবে সেনাবাহিনীয়ে চাফাই অভিযান চলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।