বাক্সা, সংবাদ ৩৬৫, ১৫ মেঃ বাক্সা জিলাৰ কুমাৰীকাটা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি চোৰাং কাঠ ব্যৱসায়ৰ লগত জড়িত কিছুমান লোকে গোপনে অবৈধ কাঠ ফলা মিল স্থাপন কৰি গছ কটা আৰু ফলা কাৰ্য আব্যহত ৰাখি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে। এনে অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে কুমাৰীকাটাস্থিত বন বিভাগ আৰু এছএছবি’ৰ দলে যুটীয়া ভাবে যোৱা কিছুদিন ধৰি সমগ্র অঞ্চলটোত চোৰাং কাঠ ব্যৱসায়ৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছিল। অভিযানৰ সময়ত চোৱাত বন বিভাগ আৰু এছএছবিয়ে অঞ্চলটোত কেইবাটাও অবৈধ কাঠ ফলা মিল উৎখাত কৰাৰ লগতে কেইবা লাখ টকা মূল্যৰ কাঠ জব্দ কৰিবলৈও সক্ষম হয়। আনহাতে অভিযানৰ সময়ত যোৱা সোমবাৰে অঞ্চলটোৰ দংপাৰ চাৰিভেল্লাত বন বিভাগ আৰু এছএছবিয়ে এটা অবৈধ কাঠ ফলা মিল উৎখাত কৰি দুই লাখ টকা মুল্যৰ কাঠ জব্দ কৰে। এই অভিযানত কুমাৰীকাটাস্থিত বনপালক বীৰেন্দ্ৰ নাথ বড়োৰ সৈতে বনৰক্ষী বিৰেন বড়ো, প্ৰফুল্ল ৰাজবংশী, সহকৰ্মী মৃদুল কলিতা আৰু বিহঙ্গপুৰ ছাউনীৰ এছএছবিৰ জোৱানে অংশগ্ৰহণ কৰে। অভিযানত চোৰাং কাঠ ব্যৱসায়ীৰ লগত জড়িত কোনো লোক আটক হোৱা নাই যদিও অঞ্চলটোৰ পৰা বৃহৎ পৰিমাণ চোৰাং কাঠ জব্দ হয়।