ফজলুৰ ৰহমান

সোণতলী

৩ আগষ্ট

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। দক্ষিণ কামৰূপৰ সোণতলীত অসম মিঞা (অসমীয়া) পৰিষদে অখিল গগৈৰ মুক্তিৰ দাবীৰ লগতে এ বি এমছুৰ প্ৰতিষ্ঠাপক সভাপতি লাফিকুল ইছলামৰ হত্যাৰ ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সোণতলীৰ জাওঁকটা বজাৰ ক্লাৱৰ সহযোগত লাফিকুল ইছলামৰ হত্যাৰ ন্যায় বিচাৰি আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কৰাৰ লগতে ৭ মাহৰ অধিক দিন কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে অখিল গগৈৰ মুক্তিৰ দাবীৰ সমান্তৰালে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীৰ পৰা “কা”ৰ বিৰোধিতা কৰি “কা” আমি নামনো অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক, লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কাৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰা পৰিলক্ষিত হয়।

কৃষক নেতা অখিল গগৈক অতি শীঘ্ৰে মুক্তি দিয়াৰ লগতে “কা” বাতিল নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে অসম মিঞা (অসমীয়া) পদিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে।