কুন্দন ভৰালী

২ আগষ্ট

কৰ’ণা ভাইৰাছত আক্রান্ত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনেৰ লগতে ৰকিবুল হুছেইনৰ পত্নীও আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত। ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰিছে ৰকিবুল হুছেইন আৰু তেওঁৰ পত্নীৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি।

দেওবাৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু তেওঁৰ পত্নীৰ শৰীৰত ধৰা পাইছে কৰ’ণা ভাইৰাছৰ। ৰেপিড এন্টিজেন টেষ্টত ৰকিবুল হুছেইন আৰু তেওঁৰ পত্নীৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। পত্নীসহ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ কথা টুইট যোগে প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে। ইফালে দেওবাৰে নগাঁৱত প্ৰথমজন কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে। মৃত ব্যক্তি জনৰ নাম গুলোক শৰ্মা। ৯০ বছৰীয়া গুলোক শৰ্মা দীৰ্ঘদিন ধৰি হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত আছিল। দেওবাৰে গুলোক শৰ্মাৰ কৰুণা ভাইৰাছৰ পৰীক্ষা কৰা হৈছিল। ৰেপিড এন্টিজেন টেষ্টত গুলোক শৰ্মাৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল।

গুলোক শৰ্মাৰ নাতিনীয়েক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত দেওবাৰে গুলোক শৰ্মা নামৰ লোকজন উশাহ-নিশাহ লোৱাত অসুবিধা পোৱাত ১০৮ ৰ সহায়ত লোকজনৰ নগাঁও ভোগেশ্বৰী ফুকণনী অসামৰিক চিকিৎসালয়ত কৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰা হৈছিল। লোকজনৰ মৃত্যুৰ কিছু সময় পিছতেই পৰীক্ষাৰ ফলাফল আহত লোকজন কৰ’ণা ভাইৰাছত আক্রান্ত আছিল বুলি ধৰা পৰে।