চামগুৰিৰ পৰা নৱজ্যোতি বৰুৱা, সংবাদ ৩৬৫, ৫ জুন : নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত হগ্ৰাপুলিত সংঘটিত হৈছে এজ শোকাৱহ ঘটনা। বন্ধুৰ লগত পুখুৰীত কেঁকোৰা ধৰিবলৈ যোৱা এজন যুৱকৰ পানীত পৰি মৃত্যু। এছ ডি আৰ এফ বাহিনীৰ লোকৰ পুখুৰীৰ পৰা উদ্ধাৰ কৰিলে মৃতদেহ।

কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ বাবে দেশজুৰি এতিয়া আনলক ১ চলি থকাৰ মাজতে নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত হগ্ৰাপুলিত সংঘটিত হৈছে এজ শোকাৱহ ঘটনা। অঞ্চলটোৰ ৱান পাঁচনি নামৰ এজন লোকৰ জেষ্ট পুত্ৰ ১৬ বছৰীয়া মণ্টু পাঁচনিৰ পুখুৰীত পৰি সলিল সমাধি ঘটে। জানিবলৈ পৰা মতে ৱান পাঁচনি জেষ্ট পুত্ৰ মণ্টু পাঁচনিয়ে বৃহস্পতিবাৰে তিনি বন্ধুৰ সৈতে পুখুৰী এটাত কেঁকোৰা ধৰিবলৈ গৈছিল। কিছু সময়ৰ পিছত মণ্টু পাঁচনিৰ তিনি বন্ধু পুখুৰীৰ পৰা ঘৰলৈ ঘূৰি আহে যদিও বন্ধু তিনিজনৰ লগত ঘৰলৈ উভতি নামে মণ্টু। এনে ক্ষেত্ৰত অন্য লগৰীয়া বোৰে মণ্টুৰ তিনি বন্ধুক মণ্টুৰ বিষয়ে সোধপোছ কৰাত বন্ধু তিনিজনে জানিবলৈ দিয়ে যে তেওঁলোকে পুখুৰীত ভৰি-হাত ধুই উভতি আহিছে আৰু তেওঁলোকে মণ্টুৰ বিষয়ে নাজানে বুলি কয়।

বৃহস্পতিবাৰৰ দিনটো মণ্টুৰ কোনো খবৰ নোপোৱাত শুকুৰবাৰে এছ ডি আৰ এফ বাহিনীৰ লোকে তিনি বন্ধুৰ সৈতে মণ্টুৱে কেঁকোৰা ধৰিবলৈ যোৱা পুখুৰীত মণ্টুক বিচাৰি অভিযান চলাই। অভিযানত এন ডি আৰ এফ বাহিনীৰ লোক সকলে পুখুৰীৰ পৰা মণ্টুৰ মৃতদেহ উদ্ধাৰ কৰে। পুখুৰীৰ পৰা মণ্টুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।