কোকৰাঝাৰৰ পৰা মামুন আলী, সংবাদ ৩৬৫, ৫ জুন : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত এবিএমছুৰ উদ্যোগত গছ পুলি ৰোপন বিতৰণ। সমগ্ৰ জিলাখনত কেইবাহাজাৰ গছ পুলি ৰোপণৰ লগতে ৰাইজৰ মাজত গছ পুলি বিতৰণ কৰিলে এবিএমছুৰ কৰ্মকর্তা সকলে।

প্ৰতিবছৰে ৫ জুন তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। এই দিৱসৰ লগত সংহতি ৰাখি বিশ্ববাসীয়ে গছ পুলি ৰোপন কৰি পৃথিৱীখন চিৰ সেউজীয়া কৰি ৰখাৰ লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰি তোলাৰ প্ৰয়াস কৰে। আজিৰ দিনটোতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ বিশ্বৰ লগতে অসমবাসী ৰাইজেও উজনিৰ পৰা নামনিলৈকে বিভিন্ন স্থানত গছ পুলি ৰোপন কৰা পৰিলক্ষিত হয়। কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলটো ৰাইজে গছ পুলি ৰোপন আৰু ৰাইজৰ মাজত গছ পুলি বিতৰণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে। জিলাখনৰ পৰ্বতঝোৰাত এবিএমছুৰ উদ্যোগতো গছ পুলি ৰোপন আৰু বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। পৰ্বতঝোৰা এবিএমছুৰ কৰ্মকর্তা সকলে বিভিন্ন অঞ্চলত গছ পুলি ৰোপন কৰি ৰাইজক পৃথিৱীখন চিৰ সেউজীয়া কৰি ৰাখিবলৈ আহ্বান জনাই ৰাইজৰ মাজত কেইবাহাজাৰ গছ পুলি বিতৰণ কৰে।

পৰ্বতঝোৰাত এবিএমছুৰ উদ্যোগত গছ পুলি ৰোপন আৰু বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আশ্রফুল ইছলাম, পৰ্বতঝোৰা এবিএমছুৰ সভাপতি ছোৱাহান আলী আৰু এবিএমছুৰ কেইবাজনো কৰ্মকর্তা।