গুৱাহাটী, ২৭ জুলাইঃ কেন্দ্ৰীয় ৰিৰ্জাভ পুলিচ বলৰ ৭৮তম প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ নমাইলস্থিত কেৰিপুবলৰ গ্ৰুপ কেন্দ্ৰত আয়োজন কৰা হয়৷ আৰক্ষী উপ মহানিৰীক্ষক ৰাধা মোহন মীনা মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্বহীদক স্মৃতি তৰ্পন কৰি অনুষ্ঠানৰ কাৰ্যসূচী মুকলি কৰে৷ ইয়াৰ পিছতে মুখ্য অতিথি ৰাধা মোহন মীনাই ০১ অধীনস্থ অধিকাৰীক মহা নিৰ্দেশকৰ প্ৰশস্তি পত্ৰ আৰু কাৰ্মিকক মহানিৰ্দেশক নতুন দিল্লীৰ কেৰিপুবলৰ দ্বাৰা প্ৰকাশিত গেলেস্কি মেডেল কে লিয়ে কম্পেণ্ডিয়ম সন্মানেৰে সন্মানিত কৰা হয়৷ অনুষ্ঠানৰ শেষত আমৰিগোগ কেন্দ্ৰীয় বিদ্যালয় আৰু মন্টেস্বৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান আৰু খেল-ধেমালিৰ আয়োজন কৰা হয়৷ অনুষ্ঠানত ৰাধা মোহন মীনাই পদকপ্ৰাপ্ত জোৱানৰ স্মৃতি সোঁৱৰি প্ৰতিজন জোৱানক বৰ্তমান ৰাজ্যত বৃদ্ধি পোৱা উগ্ৰপন্থী-হিংসাত্মক ঘটনাৰ বিৰুদ্ধে অধিক সাহস আৰু দৃঢ়তাৰে যুঁজ দিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত পূৰ্বাঞ্চলৰ সেৱা আগবঢ়াই অহা ২৩০৬ জন জোৱানক আন্তৰিক সুৰক্ষা পদকেৰে সন্মানিত কৰা হয়৷