মুকালমুৱা, ২৭ জুলাইঃ নলবাৰীৰ বৰক্ষেত্ৰীৰ দৰংঙ্গিপাৰাত দুদিনীয়া কাৰ্য্যসূচীৰে হস্ত কলাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে৷ গুৱাহাটীৰ স্বেচ্ছাসেৱী সংস্থা আমিয়ে আয়োজন কৰা প্ৰশিক্ষণ শিবিৰত দৰংঙ্গিপাৰাৰ প্ৰায় শতাধিক যুৱতীয়ে অংশগ্ৰহণ কৰিছে৷ বিভিন্ন পেলনীয়া বস্তুৰ পৰা কিদৰে নতুন সামগ্ৰী প্ৰস্তুত কৰিব পাৰি, তাৰ ওপৰতে শিবিৰত প্ৰশিক্ষণ দিয়া হৈছে৷ সংস্থাটোৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে, গ্ৰামাঞ্চলৰ যুৱতীসকলক পেলনীয়া বস্তুৰ পৰা বিভিন্ন নতুন সামগ্ৰী প্ৰস্তুত কৰি নিজকে স্বাৱলম্বী কৰি তোলাই সংস্থাটোৰ লক্ষ্য৷ আনহাতে গাঁওখনত হীৰা মাটিৰে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী নতুন ৰূপত বজাৰত উলিয়াই দিব পৰাকৈও সংস্থাটোৱে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়ে৷