সোনাপুৰ, ২৭ জুলাইঃ সোণাপুৰত বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত বিদ্যুৎ গ্ৰাহকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে শক্তিমন্ত্ৰী মুৰ্দাবাদ, বিদ্যুত বিভাগ হায় হায়, অবৈধ বিদ্যুৎ মাচুল কৰ্তন কৰক, অসম চৰকাৰ হায় হায় আদি শ্ল’গানেৰে কাৰ্যালয়টো উত্তাল কৰি তোলে৷ উল্লেখ্য যে, সোণাপুৰত বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত বৰখাট পঞ্চায়তৰ যোৰাবাটৰ বাৰ মাইলত দৰিদ্ৰতা সীমাৰেখাৰ তলৰ বহু পৰিয়াললৈ বিদ্যুৎ বিভাগে ২-৩ মাহত বিদ্যুতৰ বিলৰ নামত ৩০-৪০ হাজাৰ টকাৰ বিল প্ৰেৰণ কৰিছে৷ বিদ্যুৎ বিভাগৰ মানুহে অঞ্চলটোত গৈ বিল ৰিডিং নকৰাকৈ নিজ ইচ্ছানুসাৰে অত্যাধিক টকাৰ বিল প্ৰেৰণ কৰাৰ অভিযোগত স্থানীয় লোকে উত্তেজিত হৈ কাৰ্যালয়টো ঘেৰাও কৰে৷ উল্লেখ্য যে, চৰকাৰী নিয়ম অনুসৰি দৰিদ্ৰতা সীমাৰেখাৰ তলৰ পৰিয়ালে ৬০ ৱাটৰ দুটা বাল্বহে জ্বলাব পাৰে৷ কিন্তু সোণাপুৰত বিদ্যুৎ উপ সংমণ্ডলৰ এছডিঅ’য়ে সদৰি কৰা মতে, অঞ্চলটোৰ বহু এনে পৰিয়ালে অধিক লাইট, টিভি, ফেন ব্যৱহাৰ কৰিছে৷ নিয়ম অনুসৰি, ৩০ ইউনিট বিদ্যুৎ খৰছ হ’লে বিপিএল আৰু তাৰ ওপৰত ইউনিট খৰছ কৰিলে এপিএল গ্ৰাহক হিচাবে ধৰা হয়৷ এই ক্ষেত্ৰত বিপিএল গ্ৰাহকে এপিএল গ্ৰাহক দৰে বিল ভৰিবলগীয়া হয়৷ দৰিদ্ৰতা সীমাৰেখাৰ তলৰ বিদ্যুৎ গ্ৰাহকৰ অভিযোগ অনুসৰি, পূৰ্বে ২৯৯ টকা বিল পৰিশোধ কৰা এজন গ্ৰাহকৰ শেষতীয়া বিদ্যুৎ বিল আহিছে ৫৩,২৪৮ টকা৷ বিদ্যুৎ গ্ৰাহকৰ প্ৰতিবাদত অৱশেষত বিভাগীয় কৰ্তৃপক্ষই নিজৰ ভুল স্বীকাৰ কৰে৷