গুৱাহাটী, সংবাদ ৩৬৫, ৩০ ডিচেম্বৰ : সোমবাৰে গুৱাহাটী মহানগৰীত সম্পূৰ্ণ হয় ৰেপিড’ মটৰচাইকেল বাহন ব্যৱস্থাৰ এবছৰ । প্ৰথম বৰ্ষপূতি উপলক্ষে ৰেপিড’ৰ বিষয়ববীয়া সকলে ৫০ জনৰো অধিক গ্ৰাহকৰ লগত বাৰ্তালাপ কৰি তেওঁলোকৰ মতামত গ্ৰহণ কৰে।

এই অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ নগৰ মূৰব্বী গৌৰৱ পাঠক আৰু নগৰ সাধাৰণ পৰিচালক সুমন আচাৰ্যী উপস্থিত থাকে।

আঞ্চলিক মূৰব্বী জিতেশ কুমাৰে এই বৰ্ষপূতি অনুষ্ঠানত কয় যে, “আমি আমাৰ স্থায়ী গ্ৰাহক সকলৰ বাবে বিভিন্ন ভাগত পাৱাৰ পাছ্ সমূহ প্ৰদান কৰিবলৈ গৈ আছো । গ্ৰাহকসকলে ম’বাইল এপত উপলব্ধ এই পাছ্ সমূহ ব্যৱহাৰ কৰি প্ৰতিটো যাত্ৰাত সম্পূৰ্ণ ৭০% ৰেহাই পাবলৈ সক্ষম হ’ব।

উল্লেখ কৰিব পাৰি যে বিগত এবছৰত ৰেপিড’ মটৰচাইকেল বাহন ব্যৱস্থাই চহৰখনত ১০,০০০ হাজাৰ অধিক জনক সংস্থাপন দিছে আৰু ৭ লাখ গ্ৰাহকক সেৱা আগবঢ়াইছে ।

ইয়াৰোপৰি আগন্তুক বৰ্ষত প্ৰতিষ্ঠানটোৱে অসমত মহিলা চালকক অন্তৰ্ভুক্ত কৰি ২০,০০০ হাজাৰ নতুন কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব।