গুৱাহাটী, সংবাদ ৩৬৫, ২১ ডিচেম্বৰ: মৃত্যু চিৰন্তন সত্য। যেনেদৰে জন্ম হয়, ঠিক তেনেদৰে এদিন সকলোৱে এই এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিব লাগিব। আৰু এই জন্ম-মৃত্যুৰ চিৰন্তন সত্যকে প্ৰমাণিত কৰি থৈ গ’ল আমাৰ মাজৰ পৰা কোকিলকণ্ঠী গায়িকা পদ্মশ্ৰী বটাপ্ৰাপ্ত দীপালী বৰঠাকুৰ বাইদেউয়ে। শুকুৰবাৰে দুপৰীয়া মহানগৰীৰ নেমকেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ ফলত নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল দীপালী বৰঠাকুৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। ১৯৪১ চনৰ ৩০ জানুৱাৰীত শিৱসাগৰৰ নীলমণি চাহ বাগানত জন্মগ্ৰহণ কৰিছিল সুকণ্ঠী গায়িকা গৰাকীয়ে। তেওঁৰ স্বামী অসমৰ প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱা। সুকণ্ঠী গায়িকা গৰাকীয়ে “সোণৰ সাৰু নালাগে মোক”, “বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা” “চেনাই মই যাওঁ দেই” আদি কৰি বিভিন্ন জনপ্ৰিয় গীত গাইছিল। উল্লেখ্য যে যোৱা শনিবাৰেই নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল দীপালী বৰঠাকুৰক। তেওঁৰ মৃত্যুত বৰ্তমান নেমকেয়াৰ হস্পিতালত গুণমুগ্ধৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে।