বকো, সংবাদ ৩৬৫, ২১ ডিচেম্বৰ: বকোৰ বগুৰীগুৰিত শুক্ৰবাৰে লোক সম্পৰ্ক সেৱাৰ উদ্যোগত বকোৰ বগুৰীগুৰিত কংগ্ৰেছ সমৰ্থকে বিজেপি গ’বেগ, বিজেপি মুৰ্দাবাদ, ৰঞ্জিত দাস মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হয়, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনি দি ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰে ৷ ছমৰীয়া ব্লক কংগ্ৰেছ লোক সম্পৰ্ক সেৱাৰ কো-অৰ্ডিনেটৰ দিলবৰ হুছেইনে ৰঞ্জিত দাসক নকল কৰা নেতা আৰু ৰঞ্জিত দাসে নকল কৰি পৰীক্ষাত উত্তীৰ্ণ হৈছে বুলি ৰঞ্জিত দাসৰ বিৰোধীতা কৰে। লগতে বিজেপিক জালিয়াতি পাৰ্টী বুলিও কয় দিলবৰ হুছেইনে ৷ সভাপতি ৰঞ্জিত দাসে ৰাহুল গান্ধীক ননচেঞ্চ বুলি মন্তব্য কৰিছিল। আৰু তাৰ পাছতেই শুক্ৰবাৰে বকোৰ বগুৰীগুৰিত কংগ্ৰেছ সমৰ্থকসকলে তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰে।