গুৱাহাটী

১৪ ছেপ্টেম্বৰ

নতুন ৰাজনৈতিক দল সন্দৰ্ভত আহিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। প্ৰতিটো সমষ্টিত তেওঁলোকে ৭০০ ৰ পৰা ১৫০০ ভোট পাব। ইলেকশ্যনৰ বতৰ হ’লে এনে দল, নেতা, সমাজ সেৱক ওলায়েই।

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে গঠন হ’ল আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিক ৰাজনৈতিক দল। ‘অসম জাতীয় পৰিষদ’ নামেৰে গঠন কৰা আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিক ৰাজনৈতিক দল সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইলেকশ্যনৰ বতৰ হ’লে এনে দল, নেতা, সমাজ সেৱক ওলায়েই, একো ডাঙৰ কথা নহয়। প্ৰতিটো সমষ্টিত তেওঁলোকে ৭০০ ৰ পৰা ১৫০০ ভোট পাব বুলি ভৱিষ্যতবাণী কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘মোৰ কথা সত্য প্ৰমাণিত হ’লে পাছত নক’ব আৰু মই মেজিক কৰিছো বুলি’। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় আপোনালোকে বাৰু পেটত সোমাই চাইছে নেকি যে সঁচাকৈয়ে তেওঁলোক “কা” বিৰোধী? আনহাতে কৃষক মুক্তি সমগ্ৰাম সমিতি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃষক মুক্তি সংগ্রাম সমিতিত কৃষক ক’ত বুলি প্ৰশ্ন কৰে। মন্ত্ৰী গৰাকীয়ে ৰাজনৈতিক দলৰ নামত চান্দা তোলাটো বন্ধ হ’ব লাগে বুলিও মন্তব্য কৰে।

উল্লেখ্য যে সোমবাৰে আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ৰ সদস্য ভৰ্তিৰ প্ৰক্ৰিয়া মঙলবাৰৰ পৰা আৰম্ভ হোৱাৰ পৰিবৰ্তে দলটোৰ সকলো প্ৰক্ৰিয়া অক্টোবৰ মাহৰ ভিতৰত সম্পন্নন কৰা হ’ব ঘোষণা কৰা হয়। দলটোৱে ইতিমধ্যে ৰাজ্যৰ ২৫ খন জিলাত সমিতি গঠনৰ কাম আৰম্ভ কৰিছে। আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা কিছু নেতা ওলাই আহি নতুন আঞ্চলিক ৰাজনৈতিক দলটোত যোগদান কৰিব।