গুৱাহাটী, সংবাদ ৩৬৫, ১৯ এপ্ৰিল : দেশজুৰি লকডাউনৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। দেওবাৰে পুনৰ ৰাজ্যত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজনে। গুৱাহাটী মহানগৰীৰ কাষৰীয়া ক্ষেত্ৰীত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

বিশ্বজুৰি কভিড-১৯ কৰ’ণা ভাইৰাছৰ আতংকৰ সমান্তৰালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। খদ্যাৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বনৰীয়া হাতীৰ জাকে খেতিপথাৰ তহিলং কৰি মানুহৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ ওপৰিও মানুহক আক্ৰমণ কৰি তাণ্ডৱ চলাই আহিছে। দেওবাৰে মহানগৰী গুৱাহাটীৰ কাষৰীয়া ক্ষেত্ৰীৰ ধোপগুৰিৰ লিচু বাগানত সংঘটিত হোৱা হাতী-মানুহৰ এক সংঘাটত নিহত হয় এজন লোক। জানিবলৈ পোৱা মতে দেওবাৰে পুৱাৰ ভাগত ধোপগুৰিৰ লিচু বাগানত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ এটা জাক জনাঞ্চললৈ ওলাই আহি তাণ্ডৱৰ সৃষ্টি কৰে। জনাঞ্চললৈ হাতীৰ জাকটো তাণ্ডৱ চলাই থকাৰ সময়তে ধনেশ্বৰ ৰংপী নামৰ ৪৫ বছৰীয়া এজন লোকক হাতীৰ জাকটোৰ গচকত থিতাতে নিহত হয়। ঘটনাৰ খবৰ পাই ক্ষেত্ৰী থানাৰ পৰা আৰক্ষীৰ এটা দলৰ লগতে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নিহত লোক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

দেওবাৰে পুৱাৰ ভাগতে বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ লিচু বাগান অঞ্চলত শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱতি নিশাও গোৱালপাৰা জিলাৰ হাডলাপাৰাত বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত একেটা পৰিয়ালৰ দুটি শিশু নিহত হোৱাৰ লগতে গুৰুত্বৰভাবে আহত হৈছিল শিশু দুটিৰ মাতৃ।